ব্ৰহ্মপুত্ৰত নাৱৰ পৰা কেনেকৈ পিছলি পৰিছিল কুশল কলিতা? কিয় ৰক্ষা কৰিব পৰা নগ’ল জোৱানজনক?

1 min read

আজি গোৱালপাৰাৰ স্বগৃহলৈ অনা হ’ব আৰক্ষী জোৱান কুশল কলিতাৰ মৃতদেহ। দেওবাৰে নাৱৰ পৰা পৰি মৃত্যু হৈছিল কুশল কলিতাৰ। আৰক্ষী অধীক্ষক হৰেণ তকবিৰ নিৰ্দেশত ফটো তুলিবলৈ গৈ নাৱৰ পৰি মৃত্যু হোৱাৰ অভিযোগ। ফকিৰগঞ্জ থানাৰ পৰা ইঞ্জিন চালিত নাৱেৰে বন্ধিহানা থানালৈ গৈ থকাৰ বাটত উপ-আৰক্ষী অধীক্ষকৰ নিৰাপত্তাৰক্ষী কুশল কলিতাক ফটো তুলিবলৈ কৈছিল SP হৰেণ তকবিয়ে। ফটো তুলিবলৈ লওঁতেই নাৱৰ পৰা ব্ৰহ্মপুত্ৰত সৰি পৰিছিল কুশল কলিতা।

আৰক্ষী অধীক্ষক হৰেণ তকবিৰ লগতে উপ-আৰক্ষী অধীক্ষক আৰু ভাৰপ্ৰাপ্ত বিষয়াৰ চকুৰ আগতে ব্ৰহ্মপুত্ৰত সৰি পৰিছিল আৰক্ষী জোৱান কুশল কলিতা। পানীত পৰি যোৱা আৰক্ষী জোৱান কুশল কলিতাক SP, DSP আৰু OC-এ উদ্ধাৰ নকৰাৰ অভিযোগ একাংশ লোকৰ।

দুখন নাৱেৰে গৈ থকা আৰক্ষীৰ দলটোৱে মোবাইলত দৃশ্য বন্দী কৰি থাকোতেই ব্ৰহ্মপুত্ৰত ডুবি মৃত্যু হ’ল আৰক্ষী জোৱান কুশল কলিতাৰ। ইপিনে আৰক্ষী জোৱানৰ মৃত্যুৰ পিছতহে তৎপৰ হৈছে দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসন। মানকাচৰৰ পৰা ধুবুৰীলৈ যাত্ৰাৰ সময়ত ফেৰী, নাৱত লাইফ জেকেট বাধ্যতামূলক কৰিছে প্ৰশাসনে। ধুবুৰী পুলিচ ৰিজাৰ্ভত সামৰিক মৰ্যাদাৰে কুশল কলিতাক শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

You May Also Like

More From Author