গৰমত ঘামচিয়ে আমনি কৰিছে নেকি? পৰিত্ৰাণৰ বাবে গ্ৰহণ কৰক এইসমূহ ঘৰুৱা প্ৰতিকাৰ

1 min read

ষ্মকালত প্ৰায়সংখ্যক লোকৰ শৰীৰত ঘামচি (Prickly heat)হয়। যদিও ঘামচি বেছিসংখ্যকৰেই পিঠি আৰু ডিঙিত হোৱা দেখা যায়, কিছু লোকৰ আকৌ কঁকাল, বুকু আদি অংশতো হোৱা দেখা যায়। ইয়াৰ ফলত সেই অংশসমূহত খজুৱতি (Itching) আৰু জ্বলা-পোৰা হয়। এইসমূহ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি প্ৰতিবেদনত উল্লেখ কৰা এই ঘৰুৱা প্ৰতিকাৰবোৰ গ্ৰহণ কৰিব পাৰে।

নাৰিকল তেল আৰু কফুৰ ব্যৱহাৰ

আপুনি ঘামচি আঁতৰাবলৈ নাৰিকল তেল আৰু কফুৰ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে দুইৰ পৰা তিনি চামুচ নাৰিকল তেল লওক। তাৰ পিছত কফুৰৰ তিনি-চাৰিটা গুটি মিহিকৈ খুন্দি পাউডাৰ তৈয়াৰ কৰক। তাৰ পিছত তেলত কফুৰ পাউদাৰ মিহলি কৰি এটা পেষ্ট প্ৰস্তুত কৰক। এই পেষ্টটো ঘামচি হোৱা ঠাইত প্ৰয়োগ কৰক। এই প্ৰক্ৰিয়াটো দৈনিক কৰিলে আপুনি ঘামচিৰ পৰা উপশম পাব পাৰিব।

বৰফৰ পৰা পাব উপশম

আপুনি ঘামচি আঁতৰাবলৈ বৰফৰ আশ্ৰয় ল’ব পাৰে। ইয়াৰ বাবে, বৰফৰ টুকুৰা এটা লওঁক আৰু ইয়াক ঘামচি স্থানত পাতলকৈ ঘঁহি দিয়ক। এইটোৱে কেইদিনমানৰ ভিতৰত আপোনাৰ শৰীৰৰ ঘামচি নাইকীয়া কৰিব।

মূলতানী মাটিৰ পৰা পাব পৰিত্ৰাণ

ঘামচি সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি মূলতানী মাটিও ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে ২-৩ চামুচ মূলতানী মাটি ৩-৪ চামুচ পানীত এঘণ্টাৰ বাবে ৰাখক। তাৰ পিছত মূলতানী মাটিৰে তৈয়াৰী এই পেষ্টটো ঘামচি হোৱা অংশত পাতলকৈ প্ৰয়োগ কৰক। শুকোৱাৰ পাছত ধুই পেলাব আপোনাৰ শৰীৰ অংশ। এই প্ৰক্ৰিয়াৰ জৰিয়তেও আপুনি উপশম পাব ঘামচি সমস্যাৰ পৰা।\
অ’টমিলে (Oatmeal) কৰিব সহায়

ঘামচি আঁতৰাবলৈ আপুনি অ’টমিলৰ (Oatmeal)সহায় ল’ব পাৰে। ইয়াৰ বাবে গা ধোৱাৰ পূৰ্বে বাথটাব বা বাল্টিত দুইৰ পৰা তিনি চামুচ অ’টমিল যোগ দিয়ক। তাৰ পিছত এই পানীৰে বিশ মিনিট সময় গা ধোৱক। কেইটামান দিন এইদৰে গা ধোৱাৰ পাছত নোহোৱা হ’ব ঘামচি।

এল’ভেৰা জেল ব্যৱহাৰ কৰক

এল’ভেৰা জেলে আপোনাক ঘামচিৰ পৰা পৰিত্ৰাণত সহায় কৰিব। ইয়াৰ বাবে, ঘামচি হোৱা অংশত পাতলকৈ এল’ভেৰা জেল প্ৰয়োগ কৰক আৰু ইয়াক এনেদৰেই থাকিবলৈ দিয়ক। এনেদৰে কেইটামান দিন প্ৰতিদিনে দুবাৰকৈ ব্যৱহাৰ কৰক এল’ভেৰা জেল। আপুনি জেলৰ বাবে এল’ভেৰাৰ সতেজ পাত ব্যৱহাৰ কৰে তেন্তে সেইয়া আৰু উপযোগী হ’ব।

চন্দনে দিব সকাহ

চন্দনে ঘামচিৰ বাবে হোৱা জ্বলা-পোৰা আৰু খজুৱতিৰ পৰা সকাহ দিয়াৰ লগতে ঘামচি আঁতৰ কৰাত সহায় কৰিব। ইয়াৰ বাবে আপুনি এখন ডাঙৰ চামুচত চন্দন পাউডাৰ লওক আৰু ইয়াত এক চামুচ গোলাপ জল যোগ দিয়ক আৰু এটা ডাঠ পেষ্ট তৈয়াৰ কৰক। এই পেষ্টটো ঘামচি হোৱা অংশত প্ৰয়োগ কৰক আৰু শুকাই গ’লে আঁতৰ কৰক। যদি আপুনি বজাৰত পোৱা চন্দনৰ পাউদাৰতকৈ চন্দন কাঠ খুন্দি নিজেই প্ৰস্তুত কৰা পাউদাৰ ব্যৱহাৰ কৰে তেন্তে ই অধিক উপযোগী হ’ব।

You May Also Like

More From Author