UPSCৰ পৰীক্ষাত জিলিকিল এইসকল অসম সন্তান, অসমৰ কোনে লাভ কৰিলে কি স্থান?

1 min read

UPSCৰ পৰীক্ষাত জিলিকিল অসমৰ ৭ সন্তান। অভিজ্ঞান হাজৰিকা, ঈশ্বৰী ডেকা, ভাস্বত শইকীয়া, কল্লোল হাজৰিকা, ৰিতুৰাজ শৰ্মা আৰু ৰিকি লহকৰ প্ৰধানে জিলিকালে অসমৰ নাম। অভিজ্ঞান শইকীয়াই ১৭২ সংখ্যক স্থান লাভ কৰাৰ বিপৰীতে ঈশ্বৰী ডেকাই লাভ কৰে ৩২০সংখ্যক স্থান। ইফালে, ভাস্বত শইকীয়াই ৫৫২সংখ্যক স্থান, কল্লোল হাজৰিকাই ৯৯২সংখ্যক স্থান আৰু ৰিকি লহকৰ প্ৰধানে ২৩০সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হয়।

ভাস্বত শইকীয়াৰ ঘৰ নগাঁৱত। ঈশ্বৰী ডেকাৰ ঘৰ তেজপুৰত। তেজপুৰ নিবাসী ড০ ৰনেন্দ্ৰমোহন ডেকাৰ কন্যা ঈশ্বৰী ডেকা। আনহাতে, ৰিতুৰাজ শৰ্মাৰ ঘৰ ধুবুৰীত বুলি জানিব পৰা গৈছে। ৰিতুৰাজ শৰ্মাই লাভ কৰিছে ৪৬২সংখ্যক স্থান।

উল্লেখযোগ্য যে আজি ঘোষণা কৰা হয় UPSC মূল পৰীক্ষাৰ ফলাফল। ১০১৬গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে UPSC পৰীক্ষাত। এইবাৰ UPSCৰ প্ৰথম স্থানত লাভ কৰিছে লক্ষ্ণৌৰ আদিত্য শ্ৰীবাস্তৱে। upsc.gov.inৰ ৱেবচাইটত পৰীক্ষাৰ্থীয়ে চাব পাৰিব ৰিজাল্ট।

আজি ঘোষিত ফলাফলত শীৰ্ষস্থানত জিলিকি উঠিল লক্ষ্ণৌৰ আদিত্য শ্ৰীবাস্তৱ। আনহাতে দ্বিতীয় স্থান দখল কৰে অনিমেশ প্ৰধানে। তৃতীয় স্থান দখল কৰে অনন্যা দেৱীয়ে। উল্লেখ্য যে ১০১৬গৰাকী নিৰ্বাচিত প্ৰাৰ্থীৰ ভিতৰত ৩৪৭ গৰাকী সাধাৰণ শ্ৰেণীৰ, ১১৫গৰাকী EWSৰ, ৩০৩গৰাকী OBS, ১৬৫গৰাকী SC, আৰু ৮৬গৰাকী STপ্ৰাৰ্থী।

You May Also Like

More From Author