জনপ্ৰিয় ইউটিউবাৰ দ্বীপজ্যোতি ডেকাক গুৰুলা-গুৰুলকৈ প্ৰহাৰ, হাস্পতালত ভৰ্তি, কিহৰ বাবে কোনে কৰিলে প্ৰহাৰ?

1 min read

দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ’ল অসমৰ এজন জনপ্ৰিয় ইউটিউবাৰ। দুৰ্বৃত্তৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হয় ইউটিউবাৰগৰাকী। আহত ইউটিউবাৰ গৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। মঙলদৈত সংঘটিত হয় এই ঘটনা।

মঙলদৈত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হয় জনপ্ৰিয় ইউটিউবাৰ দ্বীপজ্যোতি ডেকা। দুৰ্বৃত্তই গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ ফলত গুৰুতৰভাৱে আহত হয় ইউটিউবাৰগৰাকী। এক স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই খবৰ। কণ্ঠশিল্পী ৰিংকু প্ৰিয়মেও নিজৰ ফেচবুক পেজত এই খবৰ শ্বেয়াৰ কৰিছে।

জানিব পৰা মতে, আহত দ্বীপজ্যোতিক প্ৰথমে স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। কোনে কি কাৰণত দ্বীপজ্যোতিক এইদৰে প্ৰহাৰ কৰিলে সেই সম্পৰ্কে জানিব পৰা হোৱা নাই।

উল্লেখযোগ্য যে ‘খিতেই কাই’খ্যাত দ্বীপজ্যোতি ডেকাই বিভিন্ন ধৰণৰ মনোৰঞ্জনধৰ্মী ভিডিঅ’ বনাই দৰ্শনকক মনোৰঞ্জন দি আহিছে। দ্বীপজ্যোতিৰ ভিডিঅ’বোৰ দৰ্শকে খুব পছন্দ কৰে। লাখ লাখ ভিউজ হয় তেওঁৰ ভিডিঅ’ৰ। দ্বীপজ্যোতি ডেকাক কোনে কিয় আক্ৰমণ কৰিলে সেয়া এতিয়াও ৰহস্য।

You May Also Like

More From Author