নগাঁৱৰ কুজিডাঁহৰ ধোপাবৰ সত্ৰত “জীৱনৰ বিয়লি বেলা”ৰ মনোৰম অনুষ্ঠান সম্পন্ন

1 min read

নিউজ ব্যুৰ’,নগাঁও,২মে’:–নগাঁও জিলাৰ কুজিদাঁহ ধোপাবৰ সত্ৰত “জীৱনৰ বিয়লি বেলা” নামৰ অনুষ্ঠানটোৰ উদ্যোগত বৃহস্পতিবাৰে এটি মনোৰম অনুষ্ঠান অনুষ্ঠিত হৈ যায় ৷ বিশিষ্ট লেখিকা,সুদক্ষ অভিনেত্ৰী গুণদা গোস্বামীৰ পৌৰোহিত্যত অনুষ্ঠিত অনুষ্ঠানটিত ৭৫বছৰীয়া প্ৰবীণ অনাতাঁৰ শিল্পী তথা অৱসৰপ্ৰাপ্ত শিক্ষক গম্ভীৰ নাথে বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি সুধাকণ্ঠৰ “আকাশী গংগা বিচৰা নাই”,বিষ্ণু ৰাভাৰ “বুকু ফালি আনিম” আৰু “আই ঐ নাকান্দিবি তই” গীত তিনিটি পৰিবেশনে অনুষ্ঠানটি জীপাল কৰি তোলে ৷ ২০২৩চনৰ এইটো দিনতে বয়সে গৰকা দুগৰাকীমানক লগত লৈ অৱসৰৰ সময়খিনি নাট,ভাওনা,নাম-কীৰ্তন, সাঁথৰ,ফকৰা-যোজনা,আইনাম, বিয়ানাম আদিৰ মাজত কটাই জীৱনটোক উপভোগ কৰাৰ মানসেৰেই জীৱনৰ বিয়লি বেলিকা অনুষ্ঠানটোৰ জন্মৰ উদ্দেশ্য বুলি উল্লেখ কৰে । ৭০ৰোৰ্ধৰ মহিলা গুণমাই বৰাৰ ঘোষা পৰিৱেশনেৰে আৰম্ভ হোৱা আকৰ্ষণীয় অনুষ্ঠানটিত অধ্যাপক মোহিনী মোহন ডেকাই জীৱনৰ এই সময়চোৱাত এইদৰে সকলো মিলিত হৈ মনৰ আৰু সমাজৰ চিন্তামূলক আলোচনাৰে ভৱিষ্যত প্ৰজন্মক বাট দেখুৱাই নিবলৈ কৰা প্ৰচেষ্টাই সমাজ জীৱন সুখময় কৰিব বুলি মন্তব্য কৰে। এই ব্যৱস্থাই সদ্যহতে জীৱনটোক এবাৰ উভতি চাবলৈ আৰু কৰিবলগীয়া বহু কামেই কৰিবলৈ উদগনি যোগাব বুলি অভিমত ব্যক্ত কৰে ৷ প্ৰতিষ্ঠাপক তথা ৮০ৰোদ্ধৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী অৰুণা বৰাই উদ্দেশ্য ব্যখ্যা কৰে অনুষ্ঠানটিত শিল্পী কুসুম বৰুৱাই গীত আৰু নাটকৰ সংলাপ,প্ৰগতি খাউণ্ডে হীৰু দাৰ কবিতা,নিশামণি বৰাই জ্যোতি সংগীত, গুণদা গোস্বামীয়ে নাটকৰ সংলাপেৰে মুখৰ কৰি তোলে। সাংবাদিক প্ৰাঞ্জল বৰলৈ নিমন্ত্ৰিত অতিথি ৰূপে যোগদান কৰি ইউৰোপীয় সাহিত্যৰ শ্ৰেষ্ঠ কবি গ্যেটে,ভলটেয়াৰ,আনাতোলা ফ্ৰা, বিখ্যাত চিত্ৰশিল্পী টিটিয়ান,পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ স্থপতি ফ্ৰাঙ্ক লয়ড ৰাইট,গ্ৰীক নাট্যকাৰ ছফ’ক্লিছ,বিখ্যাত শিল্পী টাস্কানিনিৰ উপৰিও অসমৰ যজ্ঞেশ্বৰ শৰ্মা,অন্নদাশংকৰ ৰায়েও জীৱনৰ অষ্টম-নৱম দশকতহে নিজৰ চিন্তা,সৃষ্টি আৰু চেতনাৰে অতি উজ্জ্বল আৰু উত্তম দৃষ্টান্ত বিশ্ববাসীৰ আগত দাঙি ধৰিছিল বুলি উল্লেখ কৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বয়োজ্যেষ্ঠ সুৰেণ বৰা, দীপালি বৰা,ৰেণু বৰা,ননী বৰা প্ৰমুখ্যে কেইবাগৰাকীও ব্যক্তিয়ে জীৱনৰ উপলব্ধিৰে আগবঢ়োৱা মন্তব্যই একপ্ৰকাৰ সকলোৰে দুচকু আনন্দাশ্ৰুৰে ভৰি পৰে ৷ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী প্ৰগতি খাউণ্ডে আগবঢ়োৱা শলাগৰ শৰাইৰ অন্তত জাতীয় সংগীত পৰিবেশনেৰে অনুষ্ঠানৰ সামৰণি পৰে ৷ ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author