গুৱাহাটীৰ পাহাৰত থাকে নেকি আপুনি? সাৱধান, যিকোনো মুহূৰ্তত সংঘটিত হ’ব পাৰে ডাঙৰ বিপদ
আপুনি গুৱাহাটীৰ পাহাৰত বাস কৰে নেকি? যদি আপুনি গুৱাহাটীৰ পাহাৰত থাকে তেনেহ’লে আপোনাৰ কাৰণে আছে এটা ডাঙৰ খবৰ। বাৰিষাৰ সময়, গতিকে এইখিনি সময়ত যদি আপুনি সাৱধানে নাথাকে তেনেহ’লে ভয়ংকৰ বিপদত পৰিব পাৰে। কিয়নো ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰা সতৰ্কবাণী অনুসৰি গুৱাহাটীৰ পাহাৰত বাস কৰা ৩৬৬ টা স্থানত সংঘটিত হ’ব পাৰে ভয়ংকৰ ভূমিস্খলন। যিকোনো মুহূৰ্তত সংঘটিত হ’ব পাৰে অঘটন, সাৱধানে নাথাকিলে প্ৰাণহানি হোৱাৰ সম্ভাৱনাও প্ৰৱল। ধাৰাসাৰ বৰষুণে বিপদ মাতি আনিব গুৱাহাটীৰ পাহাৰত থকা লোকসকলৰ।
কেৱল সাৱধান হ’লেই নহ’ব গুৱাহাটীৰ ৩৬৬টা স্থান চিনাক্ত কৰা হৈছে ভূমিস্খলন প্ৰৱণ অঞ্চল হিচাপে। ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে গুৱাহাটীৰ পাহাৰৰ ২০টা অঞ্চল ইতিমধ্যে চিনাক্ত কৰি উলিয়াইছে, য’ত বৰষুণৰ ফলত ভূমিস্খলন হোৱাৰ প্ৰৱল সম্ভাৱনা আছে বুলি কোৱা হৈছে তেওঁলোকৰ ফালৰ পৰা। ইতিমধ্যে দুৰ্যোগ প্ৰশমন বিভাগে সামাজিক মাধ্যমযোগে ফটো, ভিডিঅ’সহ সবিশেষ প্ৰকাশ কৰি স্থানীয় লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে।
দুৰ্যোগ প্ৰশমন বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি গুৱাহাটীৰ ফটাশিল, গড়ভাঙা, গোটানগৰ, হেঙেৰাবাৰী, জালুকবাৰী, লংকেশ্বৰ, কাহিলীপাৰা, খানাপাৰা, কামাখ্যা, নীলাচল পাহাৰ, কইনাধৰা, মালিগাঁও, নৱগ্ৰহ, নৰকাসুৰ পাহাৰ, নাৰেংগী, নুনমাটি, শান্তিপুৰ, শৰণীয়া, শুক্ৰেশ্বৰ, চূণচালি আদি অঞ্চলত ভয়ংকৰ ভূমিস্খলনৰ সম্ভাৱনা আছে। এইসমুহ স্থানত আছে মুঠ ৩৬৬টা ভূমিস্খলন প্ৰৱণ স্থান। যাৰ বাবে দুৰ্যোগ প্ৰশমন বিভাগে বিপদৰ পূৰ্বেই সাৱধানতা অৱলম্বন কৰিবলৈ চিনাক্ত কৰি উলিয়াইছে স্থানসমূহ।