ভূপেন বৰা–বদৰুদ্দিন আজমলৰ বাকযুদ্ধ তুংগত!

ভূপেন বৰা–বদৰুদ্দিন আজমলৰ বাকযুদ্ধ তুংগত!

তুংগত উঠিছে বদৰুদ্দিন আজমল আৰু ভূপেন বৰাৰ ৰাজনৈতিক সংঘাত! দুই দলৰ দুই সভাপতিৰ তীব্ৰ বাক–বিতণ্ডাত গৰম ৰাজনীতি। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে আজমলৰ অভিযোগ – হিমন্ত বিশ্ব শৰ্মাৰ পৰা টকা লয় ভূপেন বৰাই। আজমলৰ অভিযোগৰ প্ৰত্যুত্তৰ দিলে ভূপেন বৰায়ো।

বিগত কেইদিনমান ধৰি এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমল আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ মাজত চলিছে তীব্ৰ বাকযুদ্ধ। আজমলে অভিযোগ উত্থাপন কৰিছিল – ‘ভূপেন বৰাই তেওঁৰ পৰাও টকা লয়, হিমন্ত বিশ্ব শৰ্মাৰ পৰাও টকা লয়।’

আজমলৰ এই মন্তব্যৰ পিছতে প্ৰত্যুৰ দিলে ভূপেন বৰাই। APCCৰ সভাপতিগৰাকীয়ে কয় – ‘চৰম হতাশাত ভোগা আজমলে হিতাহিত জ্ঞান হেৰুৱাইছে। আজমলে যদি AIUDF পৰা বা হিমন্ত বিশ্ব শৰ্মাৰ পৰা ১০০ টকা লোৱাৰো প্ৰমাণ দিব পাৰে, মই ৰাজনৈতিক আৰু ৰাজহুৱা জীৱন ত্যাগ কৰিম।’

ৰৈ নাথাকিল আজমল। পুনৰ ভূপেন বৰাক দিলে প্ৰত্যুত্তৰ – ‘কোনোবাই প্ৰমাণ ৰাখি টকা লয় নেকি? মই কিয় প্ৰমাণ দিম। প্ৰমাণ ইলেকচন আহিলে প্ৰমাণ দিম, এতিয়া দিলে পাহৰি যাব।’

ইফালে, ধুবুৰীত কংগ্ৰেছে প্ৰাৰ্থিত্ব দিয়াক লৈ সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত আজমলে কয়, ‘ভূপেন বৰা আহক। তেওঁ যদি ধুবুৰীত নিৰ্বাচন খেলে খৰচ মই দিম। তেওঁক আহ্বান জনাইছো, আধা খৰচ মই দিম।’

GTM Desk

Related