Category: Assamese News

বৰদোৱাত শৈলীৰ বৰগীত আৰু খোল বাদনৰ কৰ্মশালা আৰম্ভ

বৰদোৱাত শৈলীৰ বৰগীত আৰু খোল বাদনৰ কৰ্মশালা আৰম্ভ

নিউজ ব্যুৰ’,নগাঁও,১১ জুলাই :–অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ বৰদোৱা সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহযোগত ৰবিবাৰৰ পৰা বৰদোৱা শৈলীৰ বৰগীত আৰু খোল বাদনৰ ১৫ দিনীয়া কৰ্মশালা আৰম্ভ হৈছে । বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ আই খেৰসূতী সাংস্কৃতিক মঞ্চত এগছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা

নগাঁৱৰ বটদ্ৰৱা প্ৰেছ ক্লাৱৰ উদ্যোগত কাইলৈৰ পৰা সত্ৰীয়া নৃত্য,বৰগীত আৰু খোলবাদনৰ কৰ্মশালা

নগাঁৱৰ বটদ্ৰৱা প্ৰেছ ক্লাৱৰ উদ্যোগত কাইলৈৰ পৰা সত্ৰীয়া নৃত্য,বৰগীত আৰু খোলবাদনৰ কৰ্মশালা

নিউজ ব্যুৰ’,নগাঁও,৯জুলাই:–নতুন প্ৰজন্মৰ মাজত সত্ৰ সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰ আৰু অনুশীলন অব্যাহত ৰখাৰ প্ৰয়াস হিচাপে নগাঁও জিলাৰ বটদ্ৰৱা প্ৰেছ ক্লাৱৰ উদ্যোগত অহা ১০ জুলাইৰ পৰা ২৪ জুলাইলৈ সত্ৰীয়া নৃত্য,বৰগীত আৰু খোলবাদনৰ এখনি কৰ্মশালাৰ আয়োজন কৰা হৈছে । গুৰুজনাৰ জন্মস্থানৰ বটদ্ৰৱাৰ ঐতিহাসিক শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত আয়োজিত কৰ্মশালাখনি পৰিচালনা কৰিব সাংস্কৃতিক কৰ্মী ইন্দ্ৰ

নগাঁৱৰ বঢ়মপুৰ প্ৰেছ ক্লাৱৰ পঞ্চদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

নগাঁৱৰ বঢ়মপুৰ প্ৰেছ ক্লাৱৰ পঞ্চদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

নিউজ ব্যুৰ’,নগাঁও,৮জুলাই- নগাঁও জিলাৰ বঢ়মপুৰ প্ৰেছ ক্লাৱৰ পঞ্চদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় । এই উপলক্ষে বঢ়মপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা ক্লাৱৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে সভাপতি যতীন্দ্ৰ কুমাৰ শইকীয়াই আৰু বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন সভাপতি ৰাণা প্ৰতাপ

নগাঁৱত জাপানীজ এনকেফেলাইটিছত দুজনৰ মৃত্যু

নগাঁৱত জাপানীজ এনকেফেলাইটিছত দুজনৰ মৃত্যু

নিউজ ব্যুৰ’,নগাঁও,৭জুন:–বানৰ সংহাৰৰ পৰা জনসাধাৰণে পৰিত্ৰাণ পোৱাৰ পূৰ্বেই চলিত বৰ্ষৰ নগাঁও জিলাত জাপানী এনকেফেলাইটিছত দুজন লোকৰ মৃত্যুৰ বাতৰি পোৱা গৈছে । মৃত লোক দুজন হৈছে নগাঁও চহৰৰ খুটিকটীয়াৰ সদানন্দ বৰুৱা আৰু জুৰীয়াৰ সমীপৰ দগাঁৱৰ হামিদুল ইছলাম । নগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ অৰূপ জ্যোতি মহন্তই সংবাদ মাধ্যমক জনোৱা

নগাঁৱৰ বেবেজীয়াৰ হস্ততাঁত-বয়ন শিল্প বিভাগৰ পৰিদৰ্শক যতীন্দ্ৰ নাথ শৰ্মাৰ আকস্মিক বিয়োগ

নগাঁৱৰ বেবেজীয়াৰ হস্ততাঁত-বয়ন শিল্প বিভাগৰ পৰিদৰ্শক যতীন্দ্ৰ নাথ শৰ্মাৰ আকস্মিক বিয়োগ

নিউজ ব্যুৰ’,নগাঁও,৬ জুলাই:–নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ মাহৰিআটিৰ নিবাসী,বিশিষ্ট সমাজকৰ্মী তথা হস্ততাঁত বিভাগৰ পৰিদৰ্শক যতীন্দ্ৰ নাথ শৰ্মাৰ যোৱা নিশা আকস্মিকভাৱে মৃত্যু হয় । মৃত্যুৰ সময়ত শৰ্মাৰ বয়স হৈছিল ৫৮ বছৰ । উল্লেখ্য যে যোৱা নিশা প্ৰায় ১১ বজাত স্নানাগাৰৰ পৰা শৰ্মা ওলাই আহিব ধৰোঁতেই মজিয়াত ঢলি পৰে । পৰিয়ালৰ সদস্যই ততালিকে