Category: Assamese News

অলিম্পিক পদক বিজেতা লাভলীনা বৰগোহাঁইলৈ “ৰণাংগন সন্মান-২০২২”#

অলিম্পিক পদক বিজেতা লাভলীনা বৰগোহাঁইলৈ “ৰণাংগন সন্মান-২০২২”#

নিউজ ব্যুৰ’,নগাঁও,৫ জুন:–মধ্য অসমৰ অন্যতম প্ৰকাশন গোষ্ঠী ৰণাংগন প্ৰকাশনে অসমৰ সাহিত্য-সংস্কৃতি তথা সমাজ জীৱনলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াই অহা বৰেণ্য ব্যক্তি একোজনক “ৰণাংগন সন্মান’’ প্ৰদান কৰি আহিছে ৷ এই বৰ্ষৰ “ৰণাংগন সন্মান’’ প্ৰদানৰ বাবে পাঁচজনীয়া নিৰ্বাচক মণ্ডলীয়ে অসমৰ ক্ৰীড়া জগত তথা তৰুণ প্ৰজন্মৰ আদৰ্শ স্বৰূপ অলিম্পিক ব্ৰঞ্জ পদক বিজয়ী বক্সাৰ লাভলীনা

তিনিচুকীয়াৰ বিভিন্ন স্থানত পৰিৱেশ দিৱস পালন

তিনিচুকীয়াৰ বিভিন্ন স্থানত পৰিৱেশ দিৱস পালন

আজি তিনিচুকীয়াত বিভিন্ন ঠাইত বিশ্ব পৰিৱেশ দিৱস ভিন ভিন কাৰ্জ্যসূচীৰে উদ্যাপন কৰা হয়। জিলা উপায়ুক্তৰ কাৰ্যালয় প্ৰাংগণত গছপুলি ৰোপণ কৰে তিনিচুকীয়া জিলা উপায়ুক্ত নৰসিং পৱাৰে। কেশৱ বাহেতী সূৰ্যোদয় শিশুগৃহৰ শিশুসকলৰ মাজত এক নিবিড় ভাবে জিলা মুখ্য ন্যায়িক দণ্ডাধীশ বিচিত্ৰা দত্তই  পৰিবেশ সংৰক্ষণ মাজেৰে চিৰসেউজ পৃথিৱীৰ বিনন্দীয়া ৰূপক অপৰূপা কৰি তুলিবলৈ

কোকৰাঝাৰত গুলীচালনাঃ গুৰুতৰভাৱে আহত ক্ষুদ্ৰ ব্যৱসায়ী

কোকৰাঝাৰত গুলীচালনাঃ গুৰুতৰভাৱে আহত ক্ষুদ্ৰ ব্যৱসায়ী

বহুদিন বিৰতিৰ পিছত পুণৰাই গুলীৰ শব্দত ৰজনজনাই উঠিছে কোকৰাঝাৰ । কোকৰাঝাৰ জিলাৰ সেৰফাংগুৰী থানাৰ অন্তৰ্গত নাৰাবাৰীত আজি নিশা প্ৰায় ৮:৩০ মান বজাত অচিনাক্ত দুৰ্ষ্কৃতিকাৰীৰ গুলীত এগৰাকী ব্যৱসায়ী গুৰুতৰভাৱে আহত হয় । আহত ব্যৱসায়ীগৰাকীক সুনীল মণ্ডল (৪০) বুলি জানিব পৰা গৈছে । গুৰুতৰভাৱে আহত সুনীল মণ্ডলক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱৰ এখন

মহাৰাষ্ট্রত ক’ভিডৰ সংক্রমণ বৃদ্ধিঃ ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক

মহাৰাষ্ট্রত ক’ভিডৰ সংক্রমণ বৃদ্ধিঃ ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক

মহাৰাষ্ট্রত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ যোৱা ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যাই তিনি মাহৰ মূৰকত এহেজাৰ অতিক্রম কৰাৰ পাছতে মহাৰাষ্ট্র চৰকাৰে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে৷ বাছ, ৰে’ল আৰু আন স্থানত সকলো লোকে মাস্ক পৰিধান কৰিব লাগিব৷ চৰকাৰী নির্দেশনাত প্রকাশ কৰা মতে, কোনো লোকৰ শ্বাস–প্রশ্বাসজনিত সমস্যা আৰু জ্বৰত ভুগিলে

৫ জুনৰ পৰা আৰম্ভ হ’ব হজযাত্রাঃ দুটা বছৰৰ পাছত ৰাজ্যত পুনৰ আৰম্ভ হ’ব হজযাত্রা৷

৫ জুনৰ পৰা আৰম্ভ হ’ব হজযাত্রাঃ দুটা বছৰৰ পাছত ৰাজ্যত পুনৰ আৰম্ভ হ’ব হজযাত্রা৷

দুটা বছৰৰ পাছত ৰাজ্যত পুনৰ আৰম্ভ হ’ব হজযাত্রা৷ অহা ৫ জুনত প্রথমটো হজযাত্রীৰ দল ৰাওনা হ’ব মক্কা মদিনালৈ৷ বিশেষ বিমানযোগে গুৱাহাটী বিমানবন্দৰৰ পৰা ডেৰ বজাত যাত্রা কৰিব ১৫০গৰাকী হজযাত্রীৰ প্রথমটো দলে৷ এই হজযাত্রাৰ ফ্লেগ অফ কৰিব মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে৷ এই অনুষ্ঠানত উপস্থিত থাকিব হজ কমিটীৰ অধ্যক্ষ নেকিবুৰ জামান, মুখ্যমন্ত্রীৰ ৰাজনৈতিক