কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত হিচাপে নতুনকৈ নিযুক্তি দিয়া ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া পল্লৱ গোপাল ঝাই সোমবাৰে মহানগৰ জিলাৰ উপায়ুক্তৰ দায়িত্বভাৰ গ্ৰহণ কৰে । উল্লেখযোগ্য যে, পল্লৱ গোপাল ঝাই ডিব্ৰুগড় জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল । বিভিন্ন সময়ত ডিব্ৰুগড় জিলাত কৰি থকা সুকীয়া কামৰ বাবে প্ৰায়েই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছিল
Category: Assamese News
ৰাজ্যৰ নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বা) এ ম্যাদ বৃদ্ধি কৰিছে অস্ত্ৰ বিৰতিৰ ৷ শেহতীয়াকৈ ৰাজ্যৰ বহুকেইটা উগ্ৰপন্থী সংগঠনে আত্মসমৰ্পণ কৰিছে ৰাজ্য চৰকাৰৰ ওচৰত ৷ সম্প্ৰতি ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰৰ তৎপৰতাত অধিকাংশ আত্মসমৰ্পণকাৰী দলে শান্তি চুক্তি স্বাক্ষৰিত কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে ৷ শেহতীয়াকৈ পৰেশ বৰুৱা (Paresh Baruah) নেতৃত্বাধীন ULFA(I)ও শান্তি
চিকিৎসাৰ দৰে পৱিত্র বৃত্তিক কলংকিত কৰি একাংশ চিকিৎসকে চলাই আহিছে কিড্নীৰ চোৰাং বেহা৷ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত কর্মৰত ডাঃ ৰিচার্ড আব্রাহাম লৰেঞ্চ নামৰ চিকিৎসকজনে দীর্ঘদিন ধৰি কিড্নীৰ চোৰাং বেহা চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ অভিযোগ অনুসৰি ডাঃ ৰিচার্ডে গুৱাহাটী, ডেৰাডুন, ঝাৰখণ্ড, উত্তৰাখণ্ড, কলকাতা, দিল্লী, পুনেকে ধৰি বিভিন্ন স্থানত ৰোগীক
পোন প্ৰথমবাৰৰ বড়ো জনগোষ্ঠীৰ এগৰাকী ছাত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ গৱেষণা জলপানি(PMRF) লাভ কৰি বাক্সা জিলাৰ লগতে সমগ্ৰ বিটিআৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাত আনন্দৰ জোৱাৰ উঠিছে ৷ বাক্সা জিলাৰ শিমলাৰ গৱেষিকা ছাত্ৰী উজিনী দেৱী দৈমাৰীয়ে প্ৰধানমন্ত্ৰীৰ গৱেষণা জলপানি লাভ কৰি এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ জৈৱবিজ্ঞান আৰু
নগাঁও জিলাৰ কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত বৈঠালাংছʼৰ নিকটৱৰ্তী ছবিন দৈনিক বজাৰৰ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ ক্ৰীড়া খেলুৱৈৰ পোছাক পৰিধান কৰাক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। এখন ৰাজহুৱা সভাত বৰবিল আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক বিশ্বোৰাম ৰোমাই সীতা দাস নামৰ সম্ভাৱনা পূৰ্ণ খেলুৱৈগৰাকীক হাফপেন্ট পিন্ধাৰ বাবে সমালোচনা কৰা বুলি খেলুৱৈ গৰাকীয়ে অভিযোগ উত্থাপিত কৰিছে