চিৰাঙৰ আই নৈৰ পাৰৰ তুলসি ঝোৰাত ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবী প্ৰাক্তন এন ডি এফ বিৰ তীব্ৰ প্ৰতিবাদ । বিটিআৰ এলেকাত শান্তি-চুক্তিৰ জৰিয়তে যিসকলে এতিয়া শাসন কৰি আছে, সেয়া তেওঁ কাৰ্য্যবাহী সদস্যই হওক, উপমুখ্য কাৰ্য্যবাহী সদস্যই হওক, ই এম, জি এম তেওঁলোকে বিটিআৰ এলেকাত শান্তিৰ পৰিবেশ বৰ্তাই ৰখাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে
Category: Assamese News
শনিবাৰে মৰিয়নীত এক সাংগঠনিক সভাৰ বাবে উপস্থিত হ’ল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈ ৷ এই সময়তে সাংবাদিকৰ সৈতে হোৱা মুখা-মুখিত দৰঙৰ গৰুখুটিত সংঘটিত হোৱা ভয়ানক পৰিস্থিতি সন্দৰ্ভত মত আগবঢ়ালে লুৰীণ জ্যোতি গগৈয়ে ৷ উচ্ছেদৰ সপক্ষে থকা নিজৰ স্থিতি সম্পৰ্কে অৱগত কৰি তেওঁ গৰুখুটিত সংঘটিত হোৱা ঘটনাক অমানৱীয় আখ্যা
গৰুখুটিত উচ্ছেদৰ সময়ত সৃষ্টি হোৱা ঘটনাই সম্প্ৰতি দেশজুৰি চৰ্চা লাভ কৰিছে । বিৰোধী দল সমূহে এই ঘটনাক লৈ শাসক দল বিজেপিৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰা সময়তে থাওৰাত শনিবাৰে পুনৰ অখিল গগৈয়ে কয়, DC আৰু SP ক নহয়, হিমন্ত বিশ্ব শৰ্মাকহে গ্ৰেপ্তাৰ কৰিব লাগে এই ঘটনাৰ
বিটিআৰত নতুনকৈ আত্মপ্ৰকাশ কৰি চৰকাৰক ভাবুকি দিয়া সশস্ত্ৰ সংগঠন ইউনাইটেড লিবাৰেচন ফৰ বড়োলেণ্ড চমুকৈ ইউ এল বি (ULB)ৰ 10 গৰাকীকৈ কেডাৰক আটক ৷ বিগত 48 ঘন্টাত বিটিআৰৰ কোকৰাঝাৰ, চিৰাং আৰু বাক্সা জিলাৰ বিভিন্ন প্ৰান্তত আৰক্ষী আৰু চিআৰপিএফে পৃথকে পৃথকে যৌথ অভিযান চলাই ইউ এল বিৰ কেডাৰ কেইজনক আটক কৰিছে ৷
অৱশেষত দুজনকৈ প্ৰাক্তন বিধায়কে শুকুৰবাৰে আনুষ্ঠানিকভাৱে নিজা নিজা দল ত্যাগ কৰিলে । এই দুই প্ৰাক্তন বিধায়ক হ’ল ডাঃ দূৰ্লভ চমুৱা আৰু মামুন ইমদাদুল হক চৌধুৰী । নগাঁও বিধানসভা সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়ক ডাঃ দূৰ্লভ চমুৱাই আজি দলৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰি সভাপতি ভূপেন বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ।