সাত মাহ পূৰ্বেই সংঘটিত হোৱা এক নাৰকীয় কাণ্ড ৷ ধেমাজি জিলাৰ চিমেন চাপৰি আৰক্ষী থানাৰ চিমেন কৈৱৰ্ত গাঁৱত সংঘটিত হৈছিল এই ঘটনা ৷ এজন চাৰি সন্তানৰ পিতৃৰ কামনাৰ বলি হৈছিল এগৰাকী 14 বছৰীয়া নাবালিকা ৷ সেই সময়ত উক্ত ঘটনাক গাপ দিয়া হৈছিল যদিও বৰ্তমান সময়ত পোহৰলৈ আহিছে সমষ্ট ঘটনা ৷
Category: Assamese News
‘‘বিজেপি চৰকাৰে অসমৰ ৰাইজক কেৱল মাত্ৰ প্ৰতাৰণা-প্ৰৱঞ্চনা কৰি আহিছে । তাৰ শেহতীয়া উদাহৰণ হিচাপে অসমৰ ছয়জনগোষ্ঠীক কৰা প্ৰতাৰণা ।’’ এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ । মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষা ববিতা শৰ্মাই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জনবিৰোধী নীতিক কঠোৰ ভাষাৰে সমালোচনা
সমাগত স্বাধীনত দিৱসৰ প্ৰাক্ ক্ষণত মঙলবাৰে আবেলি এক শক্তিশালী IED বিস্ফোৰণত কঁপি উঠিল মেঘালয়ৰ ৰাজধানী শ্বিলং চহৰ ৷ খাচী পাহাৰৰ আৰক্ষী অধীক্ষক চিলভেষ্টাৰ নংটংগাৰে জনোৱা মতে, চহৰখনৰ লাইতুমখৰা অঞ্চলৰ এক পাৰ্কিং স্থলীৰ সমীপত থকা এখন চাহৰ দোকানৰ ওচৰত এই বিস্ফোৰণটো সংঘটিত হয় ৷ বিস্ফোৰণটোত আহত হৈছে দুজনকৈ সাধাৰণ লোক ৷
ৰাজ্যত পুনৰ সংঘটিত হৈছে কিশোৰী ধৰ্ষণৰ ঘটনা । হাউলীৰ সমীপৰ তথা বাক্সা জিলাৰ কাউৰপাৰা গাঁৱত সংঘটিত হৈছে এই জঘন্য ধৰ্ষণৰ ঘটনা ৷ তামোল বিচাৰি যোৱাৰ চলেৰে ঘৰত কোনো নথকাৰ সুযোগ লৈ কাউৰপাৰা গাঁৱৰ ১১ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এই অভিযোগ ৰফিকুল ইছলাম নামৰ এজন লোকৰ বিৰুদ্ধে
আদিবাসী ছাত্ৰ সন্থা, চমুকৈ আছাই ৯আগষ্টত মাজবাটত ২৫ তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। মাজবাট আঞ্চলিক আছাৰ উদ্যোগত অনুষ্ঠিত কৰা এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ৰাতিপুৱা ‘আছাৰ, পতাকা উত্তোলন কৰে সভাপতি শিব লাল পালিকাই । সম্পাদক গোলাপ গোড়ে শ্বহীদ সকলৰ স্মৃতিত বন্তি জ্বলাই এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰাৰ