ধৰাৰ বুকুলৈ পলমকৈ হলেও বৰষুণজাক নামি অহাৰ লগে লগে এতিয়া গাঁৱে গাঁৱে চহা কৃষকৰ ব্যস্ততা বাহি আহিছে। যিহেতু কৃষক সকলে এতিয়া সপোন দেখিছে কেৱল খেতিৰ মাটি দৰাত কেনেকৈ সময়মতে কঠিয়া ৰূপন কৰি বছৰটোৰ বাবে ভাত মুঠি যোগাৰ কৰিব পাৰি। এই সময় হৈছে কেৱল কৃষকৰ ,সেইয়ে সকলো চহা কৃষক নামিছে পথাৰত
Category: Assamese News
আজি পুৱা ১০ বজাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ডি এন পি এলত উপস্থিত হয় । ডি এন পি এলৰ প্ৰৱেশদ্বাৰৰ সন্মুখতে প্ৰতিষ্ঠানটোৰ অধ্যক্ষ ৰূপম গোস্বামী, অসম গেছ কোম্পানীৰ পৰিচালন সঞ্চালক গকুলচন্দ্ৰ স্বৰ্গীয়াৰীয়ে গামোছা, চেলেং চাদৰ, হেংদান আগবঢ়াই মুখ্যমন্ত্ৰী গৰাকীক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে । ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে ডি এন
মহানগৰীৰ মালিগাঁৱৰ বৰিপাৰাস্থিত হাউছিং কমপ্লেক্সৰ অট্টালিকাত বিদ্যুৎ চুৰিৰ এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ জালুকবাৰী আৰক্ষীৰ সহযোগত এপিডিচিএলৰ জালুকবাৰী উপ–সংমণ্ডলে কালি চলোৱা অভিযানত এই তথ্য পোহৰলৈ আহে৷ প্রাপ্ত তথ্য অনুসৰি, উক্ত হাউছিং কমপ্লেক্সৰ এ বি আৰু চি ডি ব্লকত তিনিটা পানীৰ পাম্প এল টি লাইনৰ পৰা অকর্তৃত্বশীলভাৱে বিদ্যুৎ সংযোগ দিয়া হৈছে৷
অসম চৰকাৰৰ নৱ নিযুক্ত মহাধিবক্তা ৰাজ্যৰ বিশিষ্ট আইনবিদ তথা ক্রীড়া সংগঠক দেৱজিত শইকীয়া(লন)ক আজি তেওঁৰ বাসগৃহত গুৱাহাটী ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰৰ এটা প্ৰতিনিধি দল উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰে। অসমৰ প্ৰথমটো ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰ গুৱাহাটী ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱা, প্ৰশিক্ষক তথা সম্পাদক নবাব আলী, কোষাধ্যক্ষ মুকোবুদ্দিন আহমেদ, বিশ্বজিত
কোকৰাঝাৰ জিলাৰ অভয়াকুটিত যোৱা ১১ জুনত দুগৰাকী নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰা জঘন্য কাণ্ডৰে জড়িত দোষী তথা হত্যাকাৰীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবীত শনিবাৰে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু আৰু বড়ো মহিলা সমন্বয়ৰক্ষী সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এবছুৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আৰু কোকৰাঝাৰ জিলা