Category: Assamese News

সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক পুনৰ আছুৰ মুখ্য উপদেষ্টাৰ দায়িত্ব

সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক পুনৰ আছুৰ মুখ্য উপদেষ্টাৰ দায়িত্ব

ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক পুনৰ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাৰ দায়িত্ব প্ৰদান কৰা হৈছে। গুৱাহাটী বিশ্ব বিদ্যালয়ত অনুষ্ঠিত আছুৰ কাৰ্যনিৰ্বাহকত এই সিদ্ধান্ত লোৱা হয়। লগতে উদ্দীপ্ত জ্যোতি গগৈ আৰু প্ৰকাশ চন্দ্ৰ দাসক আছুৰ উপদেষ্টা হিচাবে নিযুক্তি দিয়ে। ৰাজ্যিক কাৰ্যনিৰ্বাহকত অসমৰ কেইবাটাও মূল সমস্যা সন্দৰ্ভত আলোচনা কৰা হয়।

আদিল হুছেইন, দীপক কুমাৰ বৰঠাকুৰ–সুৰথ নার্জাৰীক প্রদান পিএইচডি

আদিল হুছেইন, দীপক কুমাৰ বৰঠাকুৰ–সুৰথ নার্জাৰীক প্রদান পিএইচডি

 কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ চতুর্থ দীক্ষান্ত সমাৰোহ দেওবাৰে গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্রীয় প্রেক্ষাগৃহত অনুষ্ঠিত হয়৷ এই দীক্ষান্ত সমাৰোহত ২০১৯–২০ বর্ষৰ মুঠ ১৬,৩৮১গৰাকী শিক্ষার্থীক স্নাতক, স্নাতকোত্তৰ ডিগ্রীৰ লগতে ডিপ্ল’মা প্রদান কৰা হয়৷ তদুপৰি দেওবাৰে ২২গৰাকী শিক্ষার্থীক পি এইচ ডি আৰু ১৫গৰাকী শিক্ষার্থীক এম ফিল প্রদান কৰা হয়৷ দেওবাৰে অনুষ্ঠানতে চাৰিগৰাকী

বিশ্বত চতুর্থ শক্তিশালী সামৰিক বাহিনী ভাৰতৰ: শীর্ষত চীনৰ সেনা

বিশ্বত চতুর্থ শক্তিশালী সামৰিক বাহিনী ভাৰতৰ: শীর্ষত চীনৰ সেনা

প্রতিৰক্ষা ৱেবছাইট ‘মিলিটাৰী ডাইৰেক্ট’ৰ শেহতীয়া সমীক্ষা অনুসৰি বর্তমান বিশ্বৰ সেনা শক্তিত চতুর্থ স্থানত আছে ভাৰত৷ ইফালে, আটাইতকৈ শক্তিশালী সামৰিক বাহিনী হিচাপে চিহ্ণিত হৈছে চীনৰ সেনা৷ দেওবাৰে ৱেবছাইটটোৱে শেহতীয়া সমীক্ষাৰ প্রতিবেদন প্রকাশ কৰিছে৷ প্রতিবেদনৰ তথ্য অনুসৰি বৃহৎ সামৰিক বাজেট সত্ত্বেও এই তালিকাত আমেৰিকাৰ সেনা আছে দ্বিতীয় স্থানত৷ আমেৰিকাৰ সামৰিক বাহিনীয়ে তালিকাত

চাহ শ্ৰমিকৰ মাজত ব্যতিক্ৰমী ৰূপত আমগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী অংকিতা দত্ত

চাহ শ্ৰমিকৰ মাজত ব্যতিক্ৰমী ৰূপত আমগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী অংকিতা দত্ত

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগেই ব্যস্ততা বাঢ়িছে দলীয় নেতা-কৰ্মী, প্ৰাৰ্থীৰ। অনুৰূপ দৃশ্য ১০৩ নং আমগুৰি বিধান সভা সমষ্টিতো। তাৰ মাজতে এক ব্যতিক্ৰমী পৰিবেশত দেখা গ’ল আমগুৰিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী অংকিতা দত্তক। নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লোৱাৰ বাবে গাড়ীৰে গৈ থকাৰ মাজতে হঠাতে গাড়ী ৰখাই একাংশ চাহ

ভোটাৰক সজাগতাৰ লক্ষ্যৰে চাইকেল ৰেলী মুখ্য নির্বাচনী বিষয়াৰ

ভোটাৰক সজাগতাৰ লক্ষ্যৰে চাইকেল ৰেলী মুখ্য নির্বাচনী বিষয়াৰ

সমাগত বিধানসভা নির্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰাৰ প্রতি ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাডেই বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷ ইয়াৰ অংশ স্বৰূপে দেওবাৰে পুৱা মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ৰ শাখাৰ জৰিয়তে দিছপুৰ খেলপথাৰৰ পৰা আয়োজন কৰা গণতন্ত্রৰ বাবে চাইক্লোথন শীর্ষক চাইকেল ৰেলীৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে ৰাজ্যৰ মুখ্য নির্বাচনী