আজিৰে পৰা ডিব্রুগড় জিলাৰ মৰাণত আৰম্ভ হৈছে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলৰ প্রথমখন ৰাজ্যিক অভিৱর্তন৷ মৰাণৰ ফটিকাছোৱা আহোম গাঁও পথাৰৰ মহাবীৰ লাচিত বৰফুকন ক্ষেত্রত অধিৱেশনখন আজি পুৱা আৰম্ভ হয় পতাকা উত্তোলনেৰে৷ আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন বোলছবি পৰিচালক, পদ্মভূষণ জাহ্ণু বৰুৱাই পতাকা উত্তোলনেৰে প্রথম দিনাৰ প্রথম কার্যসূচী আৰম্ভ কৰে৷ ইয়াৰ পাছতে শ্বহীদ
Category: Assamese News
ৰাজ্য চৰকাৰৰ নির্দেশনা অনুসৰি ৬ জানুৱাৰীত গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কার্যালয়ৰ সভাগৃহত ‘পথ সুৰক্ষা মিত্র’ৰ স্বেচ্ছাসেৱকৰ প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়৷ জিলা পৰিবহণ বিষয়া কার্যালয়ৰ উদ্যোগত, প্রথম এনডিআৰএফ বেটেলিয়ন, জিলা দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণ (ডিডিএমএ) আৰু কামৰূপ মহানগৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কার্যালয়ৰ সহযোগত অনুষ্ঠিত কার্যসূচীত কামৰূপ আৰু
কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত আজি জিলা স্বাস্থ্য সমিতিৰ ধঁপাত নিয়ন্ত্রণ কোষৰ জিলা পর্যায়ৰ সঞ্চালন আৰু সমন্বয়ৰক্ষী কমিটীৰ গুৰুত্বপূর্ণ সভা এখন অনুষ্ঠিত হয়৷ জিলা উন্নয়ন আয়ুক্ত অতুল কুমাৰ শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত জিলাখনত ধঁপাতবিৰোধী অভিযান আৰু অধিক সক্রিয় কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়৷ জিলাৰ অতিৰিক্ত উপায়ুক্ত শর্মিষ্ঠা
ক’ৰোনা মহামাৰীৰ ভয়াৱহতাৰ মাজতে ৰাজ্যত বিয়পিছে বার্ড–ফ্লুৰ আতংক৷ কেৰেলা আৰু হাৰিয়ানাকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত বার্ড–ফ্লুই মাৰাত্মক ৰূপ ধাৰণ কৰাৰ সময়তে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যজুৰি বার্ড–ফ্লুৰ আতংক বিৰাজ কৰিছে৷ ৰাজস্থান, কেৰেলা আৰু হাৰিয়ানাকে ধৰি দেশৰ আঠখন ৰাজ্যত বার্ড–ফ্লুত আক্রান্ত হৈ হাজাৰ হাজাৰ পক্ষী মৃত্যুমুখত পৰাত কেন্দ্রীয় চৰকাৰে ইতিমধ্যে কেইবাখনো ৰাজ্যত
গুৱাহাটী আৰু ডিমা হাচাও জিলাৰ উমৰাংচুৰ মাজত অচিৰেই চি-প্লেন অৰ্থাৎ সামুদ্ৰিক উৰাজাহাজৰ সেৱা আৰম্ভ হ’ব। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী মনসুখ মান্দাভিয়াই এই বিষয়ে ঘোষণা কৰিছে। অসমকে ধৰি দেশৰ কেইবাটাও নিৰ্বাচিত জলপথত এই সেৱা আৰম্ভ কৰা বাবে প্ৰস্তুতি চলোৱা হৈছে বুলি শ্ৰী মান্দাভিয়াই প্ৰকাশ কৰে। উল্লেখযোগ্য যে মন্ত্ৰ্যালয়ৰ অধীনৰ