Category: Assamese News

প্ৰাপ্য বিচাৰি ক’ভিড-১৯ চাফাই কর্মীৰ প্ৰতিবাদ:’কথা দি কথা ৰাখক স্বাস্থ্যমন্ত্ৰী’

প্ৰাপ্য বিচাৰি ক’ভিড-১৯ চাফাই কর্মীৰ প্ৰতিবাদ:’কথা দি কথা ৰাখক স্বাস্থ্যমন্ত্ৰী’

অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনটোত  প্ৰতিবাদত উত্তাল হ’ল দিছপুৰৰ চচল।।সদৌ অসম ক’ভিড-১৯ চাফাই কর্মী সন্থাই প্ৰাপ্য বিচাৰি সাব্যস্ত কৰে তীব্র প্ৰতিবাদ। ‘হয় আমাক সংস্থাপন দিয়ক, নহয় আমাক গুলীয়াই মাৰক”-স্বাস্থ্য বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদকাৰীসকলে কয়। প্ৰতিবাদত অংশগ্ৰহণ কৰি মুখ্য চাফাই কর্মী সন্থাৰ মুখ্য সমন্বয়ক ৰূপম ভৰালীয়ে কয়- “গণতান্ত্ৰিক আন্দোলনৰ

ৰাঁচীত অসমৰ জোৱানৰ মৃত্যু

ৰাঁচীত অসমৰ জোৱানৰ মৃত্যু

গুৱাহাটী: ঝাৰখণ্ডত কৰ্তব্যৰত অৱস্থাত মৃত্যু হ’ল অসমৰ জোৱানৰ। ঝাৰখণ্ডৰ ৰাঁচীত মৃত্যুবৰণ কৰা জোৱানগৰাকী চি আৰ পি এফৰ ১৩৩নং বেটেলিয়নৰ প্ৰবীণ মুছাহাৰী বুলি জানিব পৰা গৈছে। বাগসাৰ শালবাৰীৰ ডুবা গাঁৱৰ বাসিন্দা প্ৰবীণ মুছাহাৰীয়ে ছাৰ্ভিচ ৰাইফলেৰে আত্মহত্যা কৰা বুলি চি আৰ পি এফৰ কাৰ্যালয়ৰ পৰা ঘৰলৈ ফোনযোগে জনায়। পৰহি নিশা পৰিয়ালটোক জনোৱাৰ

বিগত ২৪ঘন্টাত দেশত ২০,০২১গৰাকী লোকৰ দেহত কোৰোনা

বিগত ২৪ঘন্টাত দেশত ২০,০২১গৰাকী লোকৰ দেহত কোৰোনা

বিগত ২৪ঘন্টাত দেশত ২০,০২১গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনাৰ সংক্ৰমণ। ইফালে এইসময়চোৱাত ২১,১৩১গৰাকী ৰোগী সুস্থ হোৱাৰ বিপৰীতে ২৭৯গৰাকী ৰোগীৰ মৃত্যু হৈছে। সমগ্ৰ দেশত বৰ্তমানলৈ ১,০২, ০৭, ৮৭১গৰাকী লোক কোৰোনাত আক্ৰান্ত হৈছিল। এই সময়চোৱাত ১লাখ ৪৭হাজাৰ ৯০১গৰাকী লোকৰ মৃত্যু হৈছে।

আজিৰে পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন

আজিৰে পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন

আজিৰে পৰা অসম বিধানসভাৰ শীতকালীন অধিবেশন৷ তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব এই অধিবেশন৷ বহুকেইখন উন্নয়ন পৰিষদৰ বিল সদনত উত্থাপন কৰিব সৰ্বানন্দ সোণোৱাল চৰকাৰে৷ বিভিন্ন বিষয়ত শাসক পক্ষক শ’লঠেকত পেলাবলৈ সাজু বিৰোধী কংগ্ৰেছ-AIUDF।

আজিৰে পৰা অসমৰ এই দুই জিলাত কোভিড ভেকচিনৰ ড্ৰাই ৰান

আজিৰে পৰা অসমৰ এই দুই জিলাত কোভিড ভেকচিনৰ ড্ৰাই ৰান

আজিৰে পৰা দেশত আৰম্ভ হ’ব কোভিড–১৯ ভেকচিনৰ ড্ৰাই ৰান বা টিকাকৰণৰ অনুশীলন। অসমৰ দুখন জিলাতো আৰম্ভ হ’ব এই ড্ৰাই ৰান। নলবাৰী আৰু শোণিতপুৰ জিলাত চলিব কোভিড ভেকচিনৰ ড্ৰাই ৰান। সোমবাৰ আৰু মঙলবাৰে অসমত চলিব কোভিড ভেকচিনৰ টিকাকৰণৰ অনুশীলন। এই কথা এক বিবৃতিযোগে জনাইছে স্বাস্থ্য মন্ত্ৰণালয়ে। অসমৰ উপৰি অন্ধ্ৰ প্ৰদেশ, গুজৰাট