ডিব্ৰুগড়ৰ পৰা নতুন দিল্লী অভিমুখী ০২৪২৩ নম্বৰৰ ৰাজধানী এক্সপ্ৰেছত জুই । জুই-ধোৱাৰ মাজত আতংকিত যাত্ৰী । আতংকিত যাত্ৰীয়ে চেইন টানি ৰখালে ৰাজধানী এক্সপ্ৰেছ । কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম জংচনত ৰাখিল ৰাজধানী এক্সপ্ৰেছ । ৰাজধানী এক্সপ্ৰেছৰ চকাত জ্বলিছিল জুই । এচি ৩ টায়াৰৰ বি -৭ ডবাৰ ১৪৩১১৬/চি নম্বৰৰ চকাত লাগিছিল জুই ।
Category: Assamese News
অজন্তা নেওগৰ বিজেপি গমনৰ প্রসংগত ৰিপুন বৰাৰ মন্তব্য। মুখ খুলিলে প্রদেশ কংগ্রেছৰ সভাপতিগৰাকীয়ে। ‘১০ গৰাকী অজন্তা নেওগ গ’লেও ক্ষতি নহয়’। ‘অজন্তা নেওগক দলে বহুত দিছে’। ‘অজন্তাই স্বামীৰ আদৰ্শক বিসৰ্জন দিছে’। ‘অজন্তাই কংগ্রেছক বিশ্বাসঘাতকতা কৰিছে’।
সমাপ্ত হ’ল অখিল গগৈৰ জামিন আবেদনৰ শুনানি।গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কল্যান ৰায় সুৰণা আৰু অজিত বৰঠাকুৰৰ বিচাৰপীঠে বৃহস্পতিবাৰে তেওঁৰ জামিন আবেদনৰ শুনানি সম্পন্ন কৰি ৰায় দান সংৰক্ষণ কৰি ৰাখে। এনআইএৰ প্ৰতিনিধি এচভি ৰাজুৱে অখিল গগৈয়ে অসম বন্ধৰ আহ্বান কৰি দেশৰ অৰ্থনীতিলৈ ভাবুকি নমাই আনিলে বুলি যুক্তি দৰ্শাই অখিল গগৈৰ জামিনৰ
গুৱাহাটীঃ: বাংগালোৰত বি এচ চি নাৰ্চিং পঢ়িব যোৱা অসমৰ এগৰাকী মেধাবী ছাত্ৰীৰ হত্যাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বৰপেটা জিলাৰ হাউলীৰ নগৰঝাৰৰ জেচমিনাৰা আখতাৰ নামৰ ছাত্ৰী গৰাকী গৰাকীয়ে বাংগালোৰৰ এখন শিক্ষানুষ্ঠানত বি এচ চি নাৰ্চিংৰ বাবে নামভৰ্তি কৰিছিল ৷ নামভৰ্তি কৰাৰ পিছত পৰিয়ালৰ লোকে চাৰিদিন পূৰ্বে জেচমিনাৰা আখতাৰক শিক্ষানুষ্ঠানখনত থৈ
শিৱসাগৰত উপস্থিত হ’ল সদ্য পদত্যাগী আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ মাতৃ। ৮০ৰো উৰ্ধৰ লুৰীণজ্যোতি গগৈৰ মাতৃ দুলুমণি গগৈ বৃহস্পতিবাৰে শিৱসাগৰত তিনিচুকীয়াৰ বৰ লাইপুলিৰ পৰা আত্মীয় সহিতে উপস্থিত হয়। অসম জাতীয়পৰিষদৰ এক ভিতৰুৱা সূত্ৰই সদৰি কৰা মতে, এজেপিৰ সভাপতিৰ দায়িত্ব দিয়া হ’ব আছুৰ সদ্য পদত্যাগী সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈক। পুত্ৰই এজেপিৰ সভাপপতিৰ