Category: Assamese News

ছিণ্ডিকেট আৰু অসাধু চক্ৰৰ বিৰুদ্ধে মাত মতাৰ বাবেই সাংবাদিকক হত্যা কৰা হৈছেঃ গৌৰৱ গগৈ

ছিণ্ডিকেট আৰু অসাধু চক্ৰৰ বিৰুদ্ধে মাত মতাৰ বাবেই সাংবাদিকক হত্যা কৰা হৈছেঃ গৌৰৱ গগৈ

‘বিজেপি চৰকাৰৰ দিনতেই অধিক দুৰ্নীতি হৈছে ৷ সকলো বস্তুটোৰে মূল্যবৃদ্ধি হৈছে ৷ আনকি বিজেপি চৰকাৰৰ দিনতেই ছিণ্ডিকেট আৰু মাফিয়াৰাজ অধিক চলিছে ৷ এইবোৰ কামত বিজেপিৰ বহু নেতা জড়িত৷ সেয়েহে এইবোৰৰ বিৰুদ্ধে বিজেপি নেতাই মাত নামাতে ৷ কিন্তু কংগ্ৰেছে মাত মাতি আহিছে এইবোৰৰ বিৰুদ্ধে ৷” -এই মন্তব্য কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ

ঘৰত জ্বলে মাত্ৰ দুটা বাল্ব, বিদ্যুতৰ বিল আহিল ৩৭ হাজাৰ টকা

ঘৰত জ্বলে মাত্ৰ দুটা বাল্ব, বিদ্যুতৰ বিল আহিল ৩৭ হাজাৰ টকা

শক্তি বিভাগৰ দ্বায়িত্বহীন কাণ্ড৷ চৰকাৰে যোগান ধৰা বিনামূলীয়া বিদ্যুৎ সংযোগ (বিপিএল) গ্ৰাহকক ৩৭ হাজাৰ টকা বিদ্যুৎৰ বিল প্ৰেৰণ কৰাত হতভম্ব হৈ পৰিছে দিন হাজিৰা কৰা এটা পৰিয়াল৷ দিন হাজিৰা কৰি কেনেকৈ পৰিশোধ কৰিব ৩৭ হাজাৰ টকা বিদ্যুতৰ বিল, তাকে লৈ মূৰে–কপালে হাত দিছে ঢেকিয়াজুলিৰ আমতল বঙালি গাঁৱৰ এটা দৰিদ্ৰ পৰিয়াল৷

দেশত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৮৯ লাখলৈ বৃদ্ধি

দেশত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৮৯ লাখলৈ বৃদ্ধি

ভাৰতসহ বিশ্বৰ প্ৰায় ১৮০খন দেশত কোৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাই গৈ আছে। এতিয়ালৈকে সমগ্ৰ বিশ্বত এই ভাইৰাছত আক্ৰান্তৰ লোকৰ সংখ্যা ৫.৫৬ কোটিৰো অধিক আৰু মৃত্যু হোৱা লোকৰ সংখ্যা ১৩.৩৭ লাখ অতিক্ৰম কৰিছে। ভাৰততো প্ৰতিদিনাই এই ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। স্বাস্থ্য মন্ত্ৰণালয়ে বুধবাৰে সদৰী কৰা তথ্য অনুসৰি,

জুবিন গাৰ্গৰ ৪৮ সংখ্যক জন্মদিনঃ পাপন, জাভেদ আলী, হিমাৰ শুভেচ্ছা

জুবিন গাৰ্গৰ ৪৮ সংখ্যক জন্মদিনঃ পাপন, জাভেদ আলী, হিমাৰ শুভেচ্ছা

গুৱাহাটীঃ আজি জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৪৮ সংখ্যক জন্মদিন। ৰাইজৰ হিয়াৰ আমঠু শিল্পীগৰাকীক শুভেচ্ছা জনাই শিল্পীসকলে প্ৰস্তুত কৰিছে এটি বিশেষ ভিডিঅ’। ভিডিঅ’টোৰ জৰিয়তে জন্মদিনৰ ওলগ জনাইছে বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী জাভাদ আলী, অংগৰাগ পাপন মহন্ত, জয় বৰুৱা, দীক্ষু, ধিং এক্সপ্ৰেছ হিমা দাসকে ধৰি কেইবাগৰাকীও শিল্পীয়ে। ইপিনে, জুবিনৰ অনুৰাগীসকলে প্ৰিয় শিল্পীগৰাকীলৈ জনাইছে

ৰাজধানী দিল্লীত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা, দুজনক গ্ৰেপ্তাৰ

ৰাজধানী দিল্লীত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা, দুজনক গ্ৰেপ্তাৰ

সোমবাৰে ৰাতি দিল্লী আৰক্ষীয়ে দুইজনকৈ সন্দেহযুক্ত জৈইচ ই মহম্মদৰ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈ ৰাজধানী দিল্লীক এক সাম্ভাব্য সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হ’ল ৷ উল্লেখ্য যে গ্ৰেপ্তাৰ হোৱা ব্যক্তি দুজন জম্মু কাশ্মীৰৰ বাসিন্দা ৷ তেওঁলোকৰ নাম হ’ল ২২ বছৰীয়া আব্দুল লটিফ আৰু ২০ বছৰীয়া মহম্মদ আছৰফ খাটনা ৷