কলেজ অব ইডুকেশ্বন, মৰিগাঁৱত বিভিন্ন প্ৰকাৰৰ সাৰৰ সংমিশ্ৰণত বৃক্ষৰোপণ পৰিৱেশ সজাগতা আৰু কলেজ চৌপাশ সুন্দৰ কৰাৰ লক্ষ্যৰে আজি কলেজ অব ইডুকেশ্বন মৰিগাঁৱত ব্যতিক্ৰম ভাবে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ শিক্ষানুষ্ঠানখনৰ ডি.এল.এডৰ শিক্ষাৰ্থী সকলে আজি পাঠ্যক্ৰমৰ অংশ হিচাপে এই কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে প্ৰতিপালনৰ বাবেও যাৱতীয় কাৰ্যব্যৱস্থা গ্ৰহন কৰে ৷
Category: Top News
শদিয়াৰ ঢলাত নিৰ্বাচনী প্ৰচাৰত অংশ ললে মুখ্যমন্ত্ৰী সোনোৱালে। সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে শদিয়া সমষ্টিৰ ঢলাৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷ পুৱা ১১ বজাত গুৱাহাটীৰ পৰা হেলিকপ্টাৰেৰে পোনে পোনে ধলাত উপস্থিত হয় মুখ্যমন্ত্ৰী ৷ শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া, শদিয়া জিলাৰ পৰ্যবেশক লক্ষ্য কোৱঁৰ, শদিয়া জিলা
দুবাৰকৈ কংগ্ৰেছ দলৰ হৈ পঞ্চায়তৰ সভাপতি আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদত কাৰ্য্যনিৰ্বাহ কৰা দিলীপ হাজৰীকাই এইবাৰ পঞ্চায়ত নিৰ্বাচনত সভাপতি পদৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় হৈছে ৷ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত নামিলেও জনপ্ৰিয়তা কমা নাই দিলীপ হাজৰীকাৰ ৷ এজন শিল্পী হিচাপেও নাম আছে হাজৰীকা দেৱৰ ৷ কংগ্ৰেছ , বিজেপি আৰু অগপৰ
নগাঁৱত পুনৰ যৌতুকৰ বাবে বোৱাৰী নিৰ্যাতনৰ ঘটনা ৷ ধন দাবী কৰা স্বামীয়ে পত্নীক মাৰপিট কৰাতে ক্ষান্ত নাথাকি নিজৰ দুমহীয়া কন্যা সন্তানক বিক্ৰী কৰাৰো ভাবুকি ৷ উপায়ন্তৰ হৈ স্বামীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত গোচৰ তৰিলে নিৰ্যাতিতাই ৷ পিতৃ গৃহৰ পৰা পত্নীয়ে দাবী কৰা ধন আনি দিব নোৱাৰাৰ বাবে দুমহীয়া কন্যা সন্তান বিক্ৰী
পঞ্চায়ত নিৰ্বাচন সমাগত৷ সমগ্ৰ অসমত পঞ্চায়ত নিৰ্বাচনী ঢৌ বলাৰ সমান্তৰাল ভাৱে বটদ্ৰৱা সমষ্টিতো ভাৰতীয় জনতা পাৰ্টীয়ে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে। যোৱাটো বিধান সভা নিৰ্বাচনৰ পিছত বিগত ২ বছৰীয়া উন্নয়নৰ খতিয়ান লৈ আজি বটদ্ৰৱা সমষ্টিৰ বিধায়ীকা গৰাকীয়ে ৰাইজৰ মাজত নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে।আকৌ কয় যে আমাৰ একমাত্ৰ লক্ষ্য উন্নয়ন৷ সেই