Jania | এ আই ইউ ডি এফৰ ৰফিকুল ইছলাম জয়ী |

জনীয়া সমষ্টিৰ উপ নিৰ্বাচনত এ আই ইউ ডি এফৰ ৰফিকুল ইছলাম জয়ী হৈছে ৷ ৰফিকুল ইছলামে কংগ্ৰেছৰ ছামচুল হকক প্ৰায় ৩৫১৩০ ভোটৰ ব্যৱধানত পৰাজিত কৰিবলৈ সক্ষম হৈছে ৷ বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলা ভোট গণনা অনুসৰি এ আই ইউ ডি এফৰ ৰফিকুল ইছলামে লাভ কৰে 81,764 টা ভোট ৷ কংগ্ৰেছৰ ছামচুল হকে মাথো 46,634 টা ভোটহে লাভ কৰিবলৈ সক্ষম হয় ৷ আনহাতে বিজেপিৰ তৌফিকুৰ ৰহমানে লাভ কৰে মাত্ৰ15,348টা ভোট ৷ বেজিপিৰ কৰ্মীসকলৰ আশা আছিল তিনি কনীয়া যুঁজ হব বুলি ,কিন্তু ভবা মতে নহল , ৰফিকুল ইছলামে কংগ্ৰেছৰ ছামচুল হকক 35,130 টা ভোটৰ ব্যৱধানত পৰাজিত কৰি জনীয়াৰ বিধায়ক হবলৈ সক্ষম হৈছে ৷ এই ফলাফলৰ বাবে এ আই ইউ ডি এফৰ কৰ্মীসকলে যথেষ্ট আনন্দ কৰা পৰিলক্ষিত হৈছে ৷

Staff Report GTM

Leave a Reply

Your e-mail address will not be published. Required fields are marked *

error: Content is protected !!