গহপুৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ১০ ঘন্টীয়া অনশন

গহপুৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ১০ ঘন্টীয়া অনশন

গহপুৰত আন্ত:ৰাজ্যিক পাৰপত্ৰ আৰু দ্বি-নাগৰিকত্ব প্ৰৱৰ্তনৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ ১০ ঘন্টীয়া অনশন কাৰ্যসূচী । গহপুৰ নগৰত শতাধিক সদস্যই পুৱা ৮ বজাৰ পৰা এই অনশন কাৰ্যসূচীত অংশগ্ৰহন কৰিছে। উল্লেখযোগ্য যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আন্তঃৰাজ্যিক পাৰপত্ৰৰ দাবী বিভিন্ন সময়ত উত্থাপন কৰি আহিছে । Madhav

গুৱাহাটী মহানগৰীৰ মাজমজিয়াতে কৰ্তব্যৰত সাংবাদিকক দুৰ্ব্যৱহাৰ যান-বাহন আৰক্ষীৰ।

গুৱাহাটী মহানগৰীৰ মাজমজিয়াতে কৰ্তব্যৰত সাংবাদিকক দুৰ্ব্যৱহাৰ যান-বাহন আৰক্ষীৰ।

বুধবাৰে দিনদুপৰতে দিছপুৰ যান বাহন আৰক্ষীয়ে সাংবাদিকক কৰিলে দূৰ্বব্যৱহাৰ। কিন্তু কিয়? কিহৰ বাবে মহানগৰ যান-বাহন আৰক্ষীৰ এনে দূৰ্বব্যৱহাৰ! গনতন্ত্ৰৰ চতুৰ্থ স্তম্ভক কৰ্তব্যত বাধাৰ দিয়াৰ অধিকাৰ কত পালে সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন গৃহবিভাগটোৱে? এটা ব্যক্তিগত খণ্ডৰ ডিজিটেল সংবাদ মাধ্যমৰ কৰ্মীক কৰিলে এনে অসভ্য ব্যৱহাৰ। সাংবাদিক গৰাকীক ম’বাইলত ভিজুৱেল সংগ্ৰহ কৰিবলৈ বাধা প্ৰদান