দেওবাৰে দেশবাসীয়ে উদযাপন কৰিব ৭৫ সংখ্যক স্বাধীনতা দিৱস । স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ঘোষণা কৰা হৈছে ৰাষ্ট্ৰপতিৰ বিভিন্ন আৰক্ষী পদকসমূহ । অসমৰো বহু কেইগৰাকী আৰক্ষী বিষয়া আৰু জোৱানে লাভ কৰিছে ৰাষ্ট্ৰপতি বিভিন্ন শাখাৰ পদক । এইবাৰ ডিষ্টিংগুইচ সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পুলিচ মেডেল আগবঢ়োৱা হৈছে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তালৈ
Month: August 2021
দেশৰ 75 সংখ্যক স্বাধীনতা দিৱস । দিৱসটি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে ব্যাপক প্ৰস্তুতি । পিছপৰি ৰোৱা নাই বিলাসীপাৰা মহকুমা । বিলাসীপাৰা মহকুমাৰ ৰাজহুৱা খেলপথাৰৰ পেৰেড গ্ৰাউণ্ডত আৰক্ষী বাহিনী, NCC ৰ কেডাৰসকলে চলাইছে অনুশীলন । স্বাধীনতা দিৱসক কেন্দ্ৰ কৰি বিলাসীপাৰা মহকুমাৰ বিভিন্ন প্ৰান্তত নিশাৰ ভাগত আৰক্ষীয়ে যান-বাহনত তন্ন-তন্নকৈ তালাচী চলাইছে
ক’ভিডসৃষ্ট পৰিস্থিতিৰ মাজতে গুৱাহাটী মহানগৰীত সান্ধ্য আইন উলংঘা কৰি যাতায়াত অব্যাহত ৰাখিছে৷ ক’ভিডৰ নীতি–নির্দেশনা উলংঘাকাৰীৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে৷ বিগত এটা পষেকতে মহানগৰ আৰক্ষীয়ে যান–বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে অভিযান চলাই অভিলেখসংখ্যক ৩৫ লাখ টকা জৰিমনা সংগ্রহ কৰিবলৈ সক্ষম হয়৷ ক’ভিডৰ নীতি–নির্দেশনা আৰু যান–বাহন আইন উলংঘা কৰাৰ অপৰাধত
যোৰহাট জিলাৰ চেলেংহাট অঞ্চলৰ অসম–নাগালেণ্ড সীমান্তত পুনৰ সংঘটিত হৈছে নগা উগ্রপন্থী সংগঠন এন এছ চি এনৰ সন্ত্রাস৷ প্রাপ্ত বাতৰি অনুসৰি চেলেংহাট আৰক্ষী চকীৰ অন্তর্গত গোসাঁইবাৰীত শুকুৰবাৰে দিন–দুপৰতে সশস্ত্র এন এছ চি এনৰ এটা দলে ক্ষুদ্র চাহ বাগিচাৰ এগৰাকী শ্রমিকক অপহৰণ কৰাক কেন্দ্র কৰি সীমান্তত আতংকময় পৰিৱেশৰ সৃষ্টি হয়৷ শুকুৰবাৰে দিনৰ
ৰাষ্ট্রীয় ঘাইপথৰ দুৰৱস্থা আৰু বিভিন্ন স্থানত টোলগেটৰ অত্যধিক মাচুলে জলাকলা খুওৱা ৰাজ্যবাসীৰ বাবে আন এক আতংকৰ কাৰণ হৈ পৰিছে পৰিবহণ বিভাগৰ ইণ্টাৰচেপ্টৰসমূহ ৷ দুর্ঘটনা প্রতিৰোধৰ নামত ৰাষ্ট্রীয় ঘাইপথসমূহত পৰিবহণ বিভাগে সংযোজন কৰা ইণ্টাৰচেপ্টৰসমূহৰ বাবে গম নোপোৱাকৈয়ে একাংশ চালকে ভৰিবলগীয়া হৈছে বৃহৎ পৰিমাণৰ জৰিমনা৷ ৰাজ্যৰ প্রায় প্রতিটো ৰাষ্ট্রীয় ঘাইপথৰ বিভিন্ন স্থানত