বৃক্কৰ ক্ষতি কৰিব পৰা ভুল অভ্যাসবোৰ

1 min read

বৃক্ক স্বাস্থ্যৱান হৈ থকাটো অতি গুৰুত্বপূৰ্ণ। বৃক্কৰ মুখ্য কাম হৈছে তেজ পৰিস্কাৰ কৰা। বৃক্কই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰাত সহায় কৰে।

~ জাংক ফুড

বৃক্কক স্বাস্থ্যৱান ৰাখিবলৈ সীমিত পৰিমাণত জাংক ফুড আৰু মিঠাই খাব লাগে। জাংক ফুডত যথেষ্ট ছডিয়াম থাকে, যি বৃক্কক প্ৰভাৱিত কৰে। অত্যাধিক মিঠাই খোৱাৰ ফলত মেদবহুলতা বৃদ্ধি হয়, যি ৰক্তচাপ বৃদ্ধি কৰে। দীৰ্ঘদিন ধৰি উচ্চ ৰক্তচাপৰ সমস্যাটোৱেও বৃক্কক প্ৰভাৱিত কৰিবলৈ আৰম্ভ কৰে।

~ কম পৰিমাণত পানী খোৱা

বৃক্কক স্বাস্থ্যৱান কৰি ৰাখিবলৈ দৈনিক যথেষ্ট পৰিমাণে পানী খাব লাগে। সঠিক পৰিমাণত পানী খালে শৰীৰৰ পৰা লেতেৰা পদাৰ্থ সহজে ওলাই যায়।

~ টোপনি

সুস্বাস্থ্যৰ বাবে ৮ ঘণ্টাৰ নিদ্রা অতিকৈ প্ৰয়োজনীয়। একেৰাহে কম টোপনি মাৰিলে স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে। টোপনিৰ সৈতে বৃক্কৰ পোনপটীয়া সম্পৰ্ক আছে। যদি কমকৈ টোপনি মৰা হয়, তেনেহ’লে বৃক্কই দীঘলীয়া সময়ৰ বাবে কাম কৰিব লগাত পৰে, যি স্বাস্থ্যক প্ৰভাৱিত কৰিব। বৃক্কই টোপনি আৰু সাৰ পোৱা অনুসৰি কাম কৰে। সেইকাৰণে প্ৰতিদিনে পৰ্যাপ্ত টোপনি মৰাটো অতিকৈ গুৰুত্বপূৰ্ণ।

বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত

You May Also Like

More From Author