বহু লোক দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰি দুই-তিনি ঘণ্টাজুৰি ট্ৰেফিক পুলিচৰ ভূমিকা ল’লে ই-ৰিক্সা চালক জয়ন্ত‌ই

1 min read

শিলচৰৰ একমাত্ৰ অভাৰব্ৰীজখনেই হৈছে শতবৰ্ষ পুৰণি তাৰাপুৰৰ অভাৰব্ৰীজ। এই অভাৰব্ৰীজখনত আজি এটা প্ৰকাণ্ড ফাট মেলা পৰিলক্ষিত হয়। আজি পুৱা প্ৰায় দহ বজাত অভাৰব্ৰীজখনত ফাট মেলাৰ দৃশ্য প্ৰত্যক্ষ কৰে এজন ই-ৰিক্সাচালকে। চালকজনৰ নাম জয়ন্ত দেৱ। ঘৰ তাৰাপুৰ গুণমণি ৰোডত।

অভাৰব্ৰীজখনেৰে ই ৰিক্সা চলাই যোৱাৰ সময়েই তেওঁ ফাটটো দেখা পাই তাৰাপুৰ আৰক্ষী চকীত খবৰ দিয়ে। জয়ন্তই আৰক্ষীক খবৰ দি আহি আনকি বহু সময় ধৰি অভাৰব্ৰীজত থিয় হৈ একপ্ৰকাৰ ট্ৰেফিক পুলিচৰ ভূমিকাও পালন কৰে। সেই ফাটটোৰ ওচৰত থিয় হৈ বিভিন্ন গাড়ীক আনফালে যাবলৈ তেওঁ নিৰ্দেশনা দিয়ে। ফলত বহু লোক দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে ৷

You May Also Like

More From Author