নিউজ ব্যুৰ’,নগাঁও,২মে’:–নগাঁও জিলাৰ কুজিদাঁহ ধোপাবৰ সত্ৰত “জীৱনৰ বিয়লি বেলা” নামৰ অনুষ্ঠানটোৰ উদ্যোগত বৃহস্পতিবাৰে এটি মনোৰম অনুষ্ঠান অনুষ্ঠিত হৈ যায় ৷ বিশিষ্ট লেখিকা,সুদক্ষ অভিনেত্ৰী গুণদা গোস্বামীৰ পৌৰোহিত্যত অনুষ্ঠিত অনুষ্ঠানটিত ৭৫বছৰীয়া প্ৰবীণ অনাতাঁৰ শিল্পী তথা অৱসৰপ্ৰাপ্ত শিক্ষক গম্ভীৰ নাথে বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি সুধাকণ্ঠৰ “আকাশী গংগা বিচৰা নাই”,বিষ্ণু ৰাভাৰ “বুকু
Category: Assamese News
মহানগৰীৰ স্মাৰ্ট আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই চিলনী চোৰে অব্যাহত ৰাখিছে সন্ত্ৰাস ৷ আজি পুৱাতে এগৰাকী মহিলাক পিষ্টল দেখুৱাই চিলনী চোৰে লুটিলে সোণৰ চেইন ৷ ছয়মাইলৰ অভিজিৎ পথত সংঘটিত হৈছে এই ঘটনা ৷ প্রাতঃভ্ৰমণলৈ অহাৰ সময়তে এগৰাকী মহিলাগৰাকীৰ পৰা বাইকত অহা দুই দুর্বৃত্তই লুটি লৈ যায় সোণৰ চেইন ৷ ইতিমধ্যে ভুক্তভোগী
গুৱাহাটীৰ পাশ্বৱৰ্তী মেঘালয়ৰ সোণাপুৰত ভয়ংকৰ ভূমিস্খলন ৷ বৰাক-গুৱাহাটীৰ সংযোগী পথছোৱাৰে গৈ থকা চলন্ত এখন ট্ৰাকত খহি পৰিল পাহাৰৰ মাটি- গছ- গছনি ৷ ফলত ক্ষতিগ্ৰস্ত হয় ট্ৰাকখনৰ ৷ কথমপি ৰক্ষা পৰে ট্রাকখনৰ চালক-হেণ্ডিমেনৰ। ঘটনাটো সংঘটিত হৈছে সোণাপুৰ টাৰ্নেলৰ সন্মুখত ৷ আনহাতে ভূমিস্খলনৰ ফলত বৰাক-গুৱাহাটী সংযোগী পথছোৱাত ব্যাহত হয় যাতায়াত ব্যৱস্থা ৷
ৰাজ্যৰ পাহাৰীয়া জিলা ডিমা হাচাওত প্ৰকৃতিয়ে লৈছে ভয়ংকৰ ৰূপ। বিগত কে”বাদিনো ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত ভিন্নস্থানত ভূমিস্খলন আৰু পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে বুৰাই পেলাইছে বহু পথ ৷ ছিন্ন-বিচিন্ন কৰিছে ৰাস্তা-ঘাট ৷ এনে অপৰিৱৰ্তীত পৰিস্থিতিৰ বাবে ইতিমধ্যে ব্যাহত হৈ পৰিছে যোগাযোগ ব্যৱস্থা । আনহাতে মুষলধাৰ বৰষুণৰ ফলত
কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীয়ে শেহতীয়াকৈ ধুবুৰীৰ এআই ইউডিএফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা বাবে খড়্গগ্ৰস্ত হৈ পৰিছে ৰকিবুল হুছেইন । ধুবুৰীৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে শ্বেৰমান আলীৰ বিধায়ক পদ খাৰিজৰ ১৬৭ পৃষ্ঠাজোৰা অভিযোগ সম্বলিত এখন আবেদন আজি বিধানসভাৰ অধ্যক্ষক দাখিল কৰে ৷ দলবিৰোধী কাৰ্যত লিপ্ত হোৱা কংগ্ৰেছৰ নিলম্বিত