আজি চুকাফা দিৱস। আহোম ৰাজতন্ত্ৰৰ প্ৰতিষ্ঠাতা তথা বৰ অসমৰ ভেটি গঢ়োঁতা চাওলুং চুকাফাৰ স্মৃতিত আজি ৰাজ্যজুৰি পালন কৰা হয় চুকাফা দিৱস। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীস্থিত অসম হাউছত বৃহত্তৰ অসমীয়া জাতিৰ যুগপুৰুষ স্বৰ্গদেউ চাওলুঙ-ছ্যু-কাফাৰ প্ৰতিচ্ছবিত সেৱা জনাই মহান মনীষীগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰে। স্বৰ্গদেউ ছ্যু-কাফাৰ মহানতা তথা আদৰ্শ অসমবাসীৰ
Category: Assamese News
যোৰহাটত শিহৰণকাৰী ঘটনা। দিন দুপৰতে দুৰ্বৃত্তই মৰিয়াই মৰিয়াই হত্যা কৰিলে আছু নেতা অনিমেষ ভূঞাক। গণপ্ৰহাৰত মৃত্যু আছুৰ গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক সমিতিৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাৰ। এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইফালে যোৰহাটৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। এনে ঘটনাৰ বলি
প্ৰবক্তাই ছাত্ৰীলৈ অশ্লীল মেছেজ দিয়াৰ কাৰ্যক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে বোকাখাতৰ চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়(Chandra Nath Bezbaruah College)ত ৷ এগৰাকী প্ৰবক্তাই ছাত্ৰীলৈ অশ্লীল মেছেজ দিয়া বুলি অভিযোগ উত্থাপন হোৱাৰ পাছতে সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল মহাবিদ্যালয়খনৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ৷ ইয়াৰ পাছতে মঙলবাৰে অভিযুক্ত প্ৰবক্তাগৰাকীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম ছাত্ৰ পৰিষদে
বজালী জিলাৰ পাটাছাৰকুছিৰ মেধাৱী ছাত্ৰী বৰ্ণালী দাসে গৌৰৱ কঢ়িয়াইছে অসমবাসীলৈ । পুনেস্থিত Tata Institute of Fundamental Research ত গৱেষণা কৰি বৰ্ণালীয়ে সূৰ্যতকৈ ডাঙৰ, অতি উষ্ণ আৰু বৃহৎ চুম্বকীয় ক্ষেত্ৰৰ অধিকাৰী ৮ টাকৈ নক্ষত্ৰৰ সন্ধান উলিয়াবলৈ সক্ষম হৈছে । বৰ্ণালী দাসৰ এই কৃতিত্বৰ বাবে সমগ্ৰ বজালী জিলাৰ লগতে তেওঁৰ পৰিয়ালৰ লোক-শিক্ষাগুৰুসকল
ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়নৰ(Implementation of national education policy) ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে ৰাজ্যিক কেবিনেটে(Assam cabinet decision) ৷ 2023 চনৰ 1 এপ্ৰিলৰ পৰা ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আৰ্হিত সজোৱা হ’ব ৰাজ্যৰ পাঠ্যক্ৰম ৷ অৰ্থাৎ ৰাষ্ট্ৰীয় শিক্ষা নীতি(national education policy) অনুসৰি 5+3+3+4 আৰ্হিত সজোৱা হ’ব পাঠ্যক্ৰম ৷ ইতিমধ্যে এই কথা ঘোষণা কৰিছে ৰাজ্যৰ