ক’ভিডসৃষ্ট জটিল পৰিস্থিতিত দীর্ঘদিন ধৰি বন্ধ হৈ থকা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ খোলাৰ পদক্ষেপ গ্রহণ কৰিছে ৰাজ্য চৰকাৰে৷ আজিৰে পৰা কার্যকৰী হোৱাকৈ জাৰি কৰা এছ অ’ পিযোগে স্নাতকোত্তৰ বা সমপর্যায়ৰ পাঠ্যক্রম, স্নাতক বা সমপর্যায়ৰ পাঠ্যক্রম আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ ক্ষেত্রত শ্রেণীকোঠাত পাঠদানপর্ব মুকলিত অনুমতি প্রদান কৰা হৈছে৷ একেদৰে নার্ছিং পাঠ্যক্রম আৰু
Category: Assamese News
ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে কেইবাদিনো ধৰি মাজুলী-নিমাতী ফেৰী সেৱা বন্ধ হৈ থকাৰ পাছত অৱশেষত বৃহস্পতিবাৰৰ পৰা পুনৰ আৰম্ভ কৰা হ’ল ফেৰী সেৱা । মাজুলী জিলা প্ৰশাসনে নিৰ্দেশমৰ্মে আৰম্ভ কৰা হৈছে ফেৰী সেৱা । বিগত দুটা দিনত ব্ৰহ্মপুত্ৰৰ জলস্তৰ কিছু পৰিমাণে হ্ৰাস পাইছে ৷ সেয়ে মাজুলী-নিমাতী ফেৰী সেৱা পুনৰ স্বাভাৱিকভাৱে
‘‘অসমত নচলিব বঙালীগিৰি নাইবা অন্য গিৰি ৷ অসমত চলিব কেৱল অসমীয়াগিৰি ৷’’ বঙালী ফেডাৰেশ্বনক হুংকাৰ তিতাবৰ বীৰ লাচিত সেনাৰ ৷ যাৰ বিৰুদ্ধে বুধবাৰে তিতাবৰ চহৰৰ মাজ মজিজাত প্ৰতিবাদ সাব্যস্ত কৰে তিতাবৰ শাখাৰ বীৰ লাচিত সেনাই ৷ কিছুদিন পূৰ্বে শিৱসাগৰৰ এগৰাকী বিধৱা মহিলাৰ ন্যায্য প্ৰাপ্তিৰ দাবীত মাত মাতিছিল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই ৷ অভিযোগ
বাগিছাৰ সহকাৰী পৰিচালকে বাংলোত কাম কৰিবলৈ নি এগৰাকী নাবালিকাক ধৰ্ষণ কৰি অন্তঃসত্বা কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পাচতে বৃহস্পতিবাৰে সোণাৰিৰ টাওকাক চাহ বাগিচাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ টাওকাক চাহ বাগিচাৰ সহকাৰী পৰিচালক পংকজ হাতীবৰুৱাৰ বিৰুদ্ধে এই গুৰুতৰ অপৰাধৰ অভিযোগ উত্থাপিত হৈছে ৷ অভিযোগ অনুসৰি নিজৰ বাংলোত কাম কৰিবলৈ নিয়োগ কৰি
গুৱাহাটীৰ উজানবজাৰত বুধবাৰে দিন-দুপৰতে সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডৰ নতুন মোৰ । সম্পৰ্কীয় ভাতৃয়ে হত্যা কৰিছিল কিশোৰী ডিম্পল কুমাৱতক । অৱশেষত আৰক্ষী জেৰাত হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিলে হত্যাকাৰী আশিক গুপ্তাই । ডিম্পল কুমাৱতৰ জেঠায়েকৰ পুত্ৰ আশিক গুপ্তা । হত্যাকাণ্ডৰ ঘটনাটো সন্দৰ্ভত লতাশিল আৰক্ষীয়ে আশিক গুপ্তা, জিতু শৰ্মা আৰু কৰণ দাসক সোধা-পোছাৰ