ৰাইজৰ দলৰ সভাপতি, বিধায়ক অখিল গগৈৰ ভূমিকাত ক্ষুব্ধ হৈ পৰিছে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা৷ বিধায়ক গগৈয়ে এহাতে কংগ্রেছৰে মিত্রতাৰ বাবে আগবাঢ়ি আহি এআইইউডিএফৰে কংগ্রেছে মিত্রতা অব্যাহত ৰাখিলে অহা ১০০ বছৰলৈ অসমত কংগ্রেছ দল ক্ষমতালৈ আহিব নোৱাৰিব বুলি কৰা মন্তব্যৰ বাবেই প্রদেশ কংগ্রেছৰ সভাপতি বৰা ক্ষুণ্ণ হৈ পৰিছে৷ বৃহস্পতিবাৰে গুৱাহাটীত
Category: Assamese News
সদ্যসমাপ্ত বিধানসভা নির্বাচনৰ পূর্বেই এআইইউডিএফক নিজ দলক আগবঢ়াই নিয়াৰ বাবে ১০ কোটি টকা অখিল গগৈয়ে বিচৰা বুলি শেহতীয়াকৈ বিধায়ক আমিনুল ইছলামে অনা অভিযোগক কেন্দ্র কৰি চলি থকা বিতর্কৰ মাজতে আজি এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব বুলি মন্তব্য কৰে অখিল গগৈয়ে। বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰা হ’ব
খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্রীয়ভাৱে অনুষ্ঠিত হ’বলগীয়া ৭৫সংখ্যক স্বাধীনতা দিৱসৰ প্রস্তুতি তুংগত উঠিছে৷ আৰক্ষী, অর্ধসামৰিক বাহিনীয়ে খেলপথাৰখনত পেৰেডৰ অনুশীলনত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে৷ ১৫ আগষ্টৰ পুৱা ৯ বজাত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া ৭৫সংখ্যক স্বাধীনতা দিৱসৰ ৰাষ্ট্রীয় পতাকা উত্তোলন কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ স্বাধীনতা
জাবৰ পেলোৱাক লৈ নগাঁৱৰ কাছমাৰীত স্থানীয় ৰাইজে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ । বুধবাৰেই আৰক্ষীৰ সহযোগত নগাঁও পৌৰসভাৰ ৮ খন গাড়ীয়ে কাছমাৰীৰ শিমলুগুৰিৰ আদৰ্শ গাঁৱৰ কাষত থকা হুগলতলি ৰিজাৰ্ভত চহৰখনৰ বিভিন্ন স্থানৰ পৰা সংগ্ৰহ কৰা জাবৰ পেলাবলৈ নিছিল । কিন্তু স্থানীয় কেইবাখনো গাঁৱৰ ৰাইজে জাবৰ পেলোৱাত বাধা প্ৰদান কৰে । প্ৰতিবাদকাৰী
ৰাজ্যৰ নিবনুৱা আৰু চৰকাৰী চাকৰিয়ালসকলৰ বাবে সুখবৰ আনিছে ৰাজ্যিক কেবিনেটে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত আজি জনতা ভৱনত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকে ১ লাখ নিবনুৱা যুৱক–যুৱতীক নিযুক্তি প্রদানৰ লক্ষ্যৰ অংশ হিচাপে স্বাস্থ্য বিভাগৰ ৮,৮৫৫টা পদত নিযুক্তি দিয়াৰ বাবে অনুমোদন জনায়৷ এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰি স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই