ক্ষমতা আৰু ধন বলেৰে বলীয়ান হৈ থকা মৰিগাঁও বিধান সভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰমাকান্ত দেউৰীয়ে মুকলিকৈ ভোটাৰৰ মাজত ধন বিলাই থকা এটা ভিডিঅ ভাইৰেল হৈ পৰা ঘটনাই সমষ্টিবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। একমাত্ৰ ধন বলেৰে নিৰ্বাচনী বৈতৰণী পাৰ হবলৈ পৰিকল্পনা কৰি থকা মৰিগাঁও বিধান সভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী গৰাকীয়ে
Category: Assamese News
অসম বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ৩৪৫ জন প্ৰাৰ্থীৰ ভিতৰত ৩৭ জনৰেই আছে অপৰাধৰ ৰেকৰ্ড। ইয়াৰ অৰ্থ হৈছে দ্বিতীয় পৰ্য্যায়ৰ ১১ শতাংশ প্ৰাৰ্থী অপৰাধী । ইয়াৰে ১১ জন ভাৰতীয় জনতা পাৰ্টিৰ, কংগ্ৰেছ আৰু অ’ল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টৰ পাঁচজন, অসম জাতীয় পৰিষদৰ তিনিজন, অসম গণ পৰিষদৰ দুজন আৰু অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক,
গুৱাহাটী: ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই টোলগেট খুলি মাচুল সংগ্ৰহ কৰাক লৈ দীৰ্ঘদিন ধৰি অসন্তুষ্টি অব্যাহত থকাৰ মাজতে পুনৰ জনতাৰ ওপৰত মাধমাৰ শোধাবলৈ সাজু হৈছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ ! ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে প্ৰকাশ কৰা এক তথ্যত অহা এক এপ্ৰিলৰ পৰা টোলগেটত মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্তত গাড়ী চালকৰ লগতে সচেতন ৰাইজৰ মাজত
গুৱাহাটীঃ সৰুপথাৰ বিধানসভা সমষ্টিৰ অতি স্পর্শকাতৰ ৩০১নং ভোটগ্রহণ কেন্দ্র ইহখু মেম’ৰিয়েল স্কুলত এইবাৰ অসম বিধানসভা নির্বাচনত এটাও ভোট নপৰিল৷ অসম–নাগালেণ্ড সীমান্তৰ ডিফু সংৰক্ষিত বনাঞ্চলৰ ‘এ’ ছেক্টৰৰ লুক্ট মণিপুৰী বস্তি নামৰ গাঁওখনত অৱস্থিত অসমৰ অন্তিম ভোটগ্রহণ কেন্দ্রটো৷ নগা অধ্যুষিত গাঁওখনত মুঠ ভোটাৰৰ সংখ্যা ২৫গৰাকী৷ ইয়াৰে ১৪গৰাকী পুৰুষ আৰু ১১গৰাকী মহিলা ভোটাৰ আছে৷
দুই–এটা বিক্ষিপ্ত ঘটনা আৰু ঠায়ে ঠায়ে ই ভি এমৰ বিজুতিক বাদ দি ৰাজ্যৰ ৪৭ বিধানসভা সমষ্টিত সামগ্রিকভাৱে শান্তিপূর্ণকৈ সম্পন্ন হ’ল প্রথম পর্যায়ৰ নির্বাচন৷ প্রতিটো সমষ্টিতে গণতন্ত্রৰ উৎসৱত গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ বাবে কালিৰ দিনটোত ভোটাৰ ৰাইজৰ ব্যাপক উৎসাহ–উদ্দীপনা পৰিলক্ষিত হয়৷ অসমত বিকাশ–উন্নয়ন–স্থায়ী শান্তিৰ প্রত্যাশাৰে ভোটগ্রহণৰ নির্দিষ্ট সময় পুৱা ৭ বজাৰ