নৱবৰ্ষৰ আৰম্ভণিতে অসমৰ স্বাস্থ্যখণ্ডৰ বাবে এক সু-বতৰা। আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মুকলি কৰা হ’ল আই বেংক আৰু ছুপাৰ স্পেচিয়েলিটী হাস্পতাল। জি এম চি এইচত প্ৰথমটো আই বেংক ৰূপে পৰিচিত এই বেংক উদ্বাধন কৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ লগতে জি এম চি এইচ চৌহদত নিৰ্মিত ছুপাৰ স্পেচিয়েলিটী হাস্পতালখন
Category: Assamese News
আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন। ২০২০ বৰ্ষটো সকলোৱে অভিশপ্ত বুলি অভিহিত কৰিছে। বছৰটোৰ আৰম্ভণিৰ পৰাই নান ধৰণৰ কাৰ্যপন্থাই অশান্তি কৰি তুলিছিল। ইয়াৰ বিপৰীতে ২০২১ বৰ্ষটো যেন সকলোৰে বাবে মংগলময় হয় সমৃদ্ধি হয় তাৰেই কামনাৰে সকলোয়ে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে। ৰাজ্যৰ লগতে মহানগৰীৰ বিভিন্ন মন্দিৰত ভক্তৰ লানি নিছিগা সোঁত। সিদ্ধিবিনায়ক গণেশ মন্দিৰকে
আজি অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ অন্তিম দিনটোত দ্য আছাম অফিচিয়েল লেংগুৱেজে (এমেণ্ডমেণ্ট) বিল, ২০২০ অনুযায়ী বি টি আৰ চুক্তি মতে বড়োভাষাক অসমৰ সহযোগী ভাষা ৰূপে স্বীকৃতি দিয়া হয়। কিন্তু বিধেয়কখন গৃহীতকৰণৰ ক্ষেত্ৰত সংশোধনীৰ প্ৰস্তাৱ আনে কংগ্ৰেছী বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই। বঙালী জাতীয়তাবাদৰ পৃষ্ঠপোষক দে’ই বাংলাভাষাকো এই সংশোধনীৰ জৰিয়তে সহযোগী ভাষা
অতি সংক্রামক নতুন ক’ৰোনাই শংকাৰ পৰিৱেশ সৃষ্টি কৰাৰ সময়তে অষ্ট্রজেনেকা–ক্সফ’ড ক’ভিড ভেকচিন ‘ক’ভিশ্বিল্ড’ প্রয়োগত অনুমোদন গ্রেট ব্রিটেইনৰ৷ ঔষধ প্রস্তুত কোম্পানী অষ্ট্রজেনেকা আৰু অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা বিকশিত ক’ভিড–১৯ ভেকচিন ক’ভিশ্বিল্ড জৰুৰীকালীনভাৱে প্রয়োগত আজি অনুমোদন জনায় গ্রেট ব্রিটেইনে৷ ইয়াৰ পূর্বে বিশ্বৰ প্রথম দেশ হিচাে ফাইজাৰ–বায়’এনটেক ক’ভিড ভেকচিন প্রয়োগত অনুমোদন জনোৱা গ্রেট ব্রিটেইনত
অৱশেষত সপোন সপোন যেন লগা ব্রহ্মপুত্র খনন বাস্তৱ ৰূপ পোৱাৰ দিশে অগ্রসৰ হৈছে৷ ব্রহ্মপুত্র খননৰ বাবে ড্রেজাৰ আহৰণৰ প্রক্রিয়াই ইতিমধ্যে একপ্রকাৰ চূড়ান্ত ৰূপ পাইছে৷ অহা ৩১ জানুৱাৰীৰ ভিতৰত সেই ড্রেজাৰখন আমেৰিকা যুক্তৰাষ্ট্রৰ পৰা সমুদ্র পথেদি প্রেৰণৰ যো–জা কৰিছে৷ আজি সদনত এই কথা প্রকাশ কৰিছে জলসম্পদ মন্ত্রী কেশৱ মহন্তই৷ বিধায়ক ৰেকিবুদ্দিন