গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আমিনগাঁৱত দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰিছে এখন বিশাল জনসভা। আজিৰ অনুষ্ঠানতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মুকলি কৰিব চাৰিখনকৈ বিশেষ অভিলাসী আঁচনি। অনুষ্ঠানত উপস্থিত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ভাষণ প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘ এনেকুৱা মংগলময় দিন বহুত কম আহে।
Category: Assamese News
১জানুৱাৰীৰ পৰা ৰাজ্যজুৰি নিয়মিতভাৱে আৰম্ভ হ’ব স্কুল কলেজ। এই মন্তব্য শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয়লৈ সকলো খোলা হ’ব। বৰ্তমান ৰাজ্যত ক’ভিড আক্ৰান্তৰ সংখ্যা অতি কম। দৈনিক প্ৰায় ১০০তকৈও তলত পজিটিভৰ সংখ্য়া আছে। গতিকে বৰ্তমান কোনোধৰণৰ লক ডাউনৰ কথা চিন্তা কৰা নাই চৰকাৰে। দেশত যদি আক্ৰান্তৰ সংখ্যা
২০২১ বৰ্ষলৈ মাজত আৰু কেইটামান দিন বাকী। নতুন বছৰটোত বহু নিয়মৰ সালসলনি কৰা হৈছে। নতুন বছৰটোত গাড়ী লৈ ৰাষ্ট্ৰীয় ঘাইপথেৰে যোৱাৰ আগতে ফাষ্টেগ লগোৱাটো বাধ্যতামূলক কৰা হৈছে। ১ জানুৱাৰীৰ পৰা বাধ্যতামূলক কৰা হাছে FASTag। ১ জানুৱাৰী ২০২১ৰ পৰা সকলো গাড়ীতে ফাষ্টেগ বাধ্যতামূলক কৰা হৈছে। টোল প্লাজাত সুৰক্ষিত তোল টেক্স সংগ্ৰহ
শনিবাৰে পুৱা ১১ বজাত গুৱাহাটীত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। আমিন গাঁৱত ৮ হাজাৰ নামঘৰলৈ বিতৰণ কৰিব সাহায্য। বটদ্ৰৱাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১৫০ কোটি টকা প্ৰদান কৰিব। গুৱাহাটী স্থাপন হ’বলগীয়া দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় আৰু আইন মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব অমিত শ্বাহে। আমিনগাঁৱতেই মুখ্যমন্ত্ৰী, মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক
গুৱাহাটীঃ জম্মু-কাশ্মীৰত দেশমাতৃৰ বাবে মৃত্যুক আঁকোৱালি ল’লে ধেমাজিৰ মৃত্যুঞ্জয়ে। বুধবাৰে সন্ত্ৰাসবাদীৰ গ্ৰেনেড আক্ৰমণত আহত হোৱাৰ পাছত বৃহস্পতিবাৰে শ্বহীদ হয় চিআৰপিএফৰ ১১৫ নং বেটেলিয়নৰ জোৱান তথা ধেমাজিৰ চিচিবৰগাঁৱৰ সন্তান মৃত্যুঞ্জয় চুতীয়া। চবিলাল চুতীয়া আৰু চন্দিকা চুতীয়াৰ কনিষ্ঠ পুত্ৰ মৃত্যুঞ্জয়ে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক উভয়তে লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে পদাৰ্থ