অসম আৰক্ষীৰ কুখ্যাত অৱসৰপ্রাপ্ত মহাপৰিদর্শক পি কে দত্তৰ এজন ঘনিষ্ঠৰ ঘৰত বুধবাৰে চি আই ডিৰ এটা দলে অভিযান চলাই ২৪,৮৮,৩০০ টকা উদ্ধাৰ কৰে৷ এছ আই পদৰ নিযুক্তি কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড পি কে দত্তৰ ব্যক্তিগত সহায়ক জয়দীপ বৰুৱাৰ মহানগৰীৰ চানমাৰিৰ নৱগিৰি পথত থকা ভাৰাঘৰত আজি নিশাৰ ভাগত চি আই ডিৰ দলটোৱে
Category: Assamese News
প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বি টি আৰ চুক্তিৰ জৰিয়তে বি টি এ ডি অঞ্চলৰ ক্ষিপ্র উন্নয়নৰ বাবে উল্লেখযোগ্য পদক্ষেপ গ্রহণ কৰিছে৷ বি টি আৰবাসীয়ে বিজেপিক আন্তৰিকতাৰে আঁকোৱালি ল’লে অনাগত সময়ত বি টি আৰৰ উন্নয়নৰ ৰূপৰেখা সলনি হৈ যাব৷ –এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়
কৰিমগঞ্জৰ তদানীন্তন আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণই আৰক্ষীৰ উপ–পৰিদর্শক (এছ আই) পদৰ প্রশ্নকাকত ট্রাংক খুলি উলিয়াই দিয়াৰ বাবদ ৪০ লাখ টকা লৈছিল৷ এই টকা দিছিল অক্ষয় টেলিকমিউনিকেচনৰ অংশীদাৰ ৰুবুল আলী ওৰফে ৰুবুল হাজৰিকাই৷ এছ আই পদৰ চাঞ্চল্যকৰ নিযুক্তি কেলেংকাৰিৰ এই ক’লা অধ্যায় পোহৰলৈ আহিছে চি আই ডিৰ তদন্তত৷ অভিযোগ মতে,
মহানগৰীত পুনৰ সংঘটিত হৈছে এক জঘন্য ঘটনা। এগৰাকী ১৩ বছৰীয়া কিশোৰীক বলাৎকাৰ। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক। অভিযুক্ত লোকজন গীতানগৰ থানা এলেকাৰ ভাস্কৰ নগৰৰ বি পি চলিহা নগৰৰ বাবুল শৰ্মা। ভুক্তভোগী কিশোৰীগৰাকীয়ে ঘটনা সন্দৰ্ভত অৱগত কৰে নিজ মাতৃক। তাৰ পিছতে কিশোৰীগৰাকীৰ মাতৃয়ে ঘটনা সন্দৰ্ভত গীতানগৰ আৰক্ষী থানাত দাখিল কৰে এজাহাৰ। উক্ত এজাহাৰৰ
অসম ৰাজ্যিক চিৰিয়াখানাত গো–মাংস নিষিদ্ধ কৰাৰ দাবীত কালি হিন্দু সুৰক্ষা সেনাকে ধৰি কেইবাটাও সংগঠনে প্রতিবাদ সাব্যস্ত কৰে৷ চিৰিয়াখানাৰ সন্মুখত কালি পুৱাৰ ভাগত গো–মাংস কঢ়িয়াই অনা বাহন আবদ্ধ কৰি হিন্দুত্ববাদী সংগঠনৰ সদস্যসকলে প্রতিবাদ সাব্যস্ত কৰি চিৰিয়াখানাত থকা মাংসভোজী প্রাণীক গো–মাংস খাবলৈ দিয়া নিষিদ্ধ কৰিবলৈ দাবী জনায়৷ এইক্ষেত্রত চিৰিয়াখানা কর্তৃপক্ষই প্রতিক্রিয়া প্রকাশ