Category: Assamese News

ছাগলীয়াত আইপিএলৰ তিনি জুৱাৰীক গ্রেপ্তাৰ

ছাগলীয়াত আইপিএলৰ তিনি জুৱাৰীক গ্রেপ্তাৰ

ধুবুৰী জিলাৰ পশ্চিমবংগ সীমান্তৰ ছাগলীয়া আৰক্ষীয়ে যোৱানিশা অভিযান চলাই আই পি এলৰ তিনি জুৱাৰীক গ্রেপ্তাৰ কৰে৷ ধৃত জুৱাৰীজনৰ ঘৰ ছাগলীয়া দ্বিতীয় খণ্ড গাঁৱত৷ ছাগলীয়াত আই পি এলৰ অবৈধ জুৱা চলি থকাৰ তথ্য লাভ কৰি যোৱানিশা অভিযান চলাই নুৰ আলম, মমিনুৰ হক আৰু মতীবুৰ ৰহমান নামৰ তিনি জুৱাৰীক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে৷

যুদ্ধজাহাজত নিযুক্তি দিব ২ মহিলা বিষয়াক

যুদ্ধজাহাজত নিযুক্তি দিব ২ মহিলা বিষয়াক

ইতিহাস সৃষ্টিৰে প্রথমবাৰৰ বাবে মহিলা বিষয়াক ভাৰতীয় যুদ্ধ জাহাজত মোতায়েন কৰা হ’ব৷ ভাৰতীয় নৌবাহিনীত লিংগ বৈষম্য আঁতৰ কৰাৰ লক্ষ্যৰে বাহিনীৰ যুদ্ধ জাহাজত দুগৰাকী ছাব–লেফটেনেণ্ট মহিলা বিষয়া শীঘ্রেই নিযুক্তি দিব৷ ইতিমধ্যে ৬০ ঘণ্টীয়া প্রশিক্ষণ সমাপ্ত কৰা ছাব–লেফটেনেণ্ট কুমুদিনী ত্যাগী আৰু ৰীতি সিঙক নিযুক্তি দিবলৈ প্রস্তুতি সম্পূর্ণ কৰিছে৷ ইপিনে ফ্রান্সৰ পৰা অনা

আৰক্ষীত চাকৰি দিয়াৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰা মহিলাক গ্ৰেপ্তাৰ

আৰক্ষীত চাকৰি দিয়াৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰা মহিলাক গ্ৰেপ্তাৰ

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদত নিযুক্তি দিয়াৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰি গ্ৰেপ্তাৰ এগৰাকী মহিলা৷ অসম আৰক্ষী অপৰাধ শাখাই উলুবাৰীৰ ‘ইৰিগেছন কলনি’ত অভিযান চলাই যোগমায়া ব্ৰহ্ম নামৰ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে।জানিব পৰা মতে,মহিলাগৰাকী জলসিঞ্চন বিভাগৰ নিম্ন সহায়ক পদত কৰ্মৰত৷ আৰক্ষীৰ উপ-পৰিদৰ্শক পদত অৱতীৰ্ণ বহু প্ৰাৰ্থীক মহিলাগৰাকীয়ে চাকৰি দিয়াৰ প্ৰলোভন দিছিল৷বহু প্ৰাৰ্থীৰ লগত মহিলাগৰাকীয়ে

ডকলঙীয়া চাহ বাগিছাত AASAAৰ প্ৰতিবাদ

ডকলঙীয়া চাহ বাগিছাত AASAAৰ প্ৰতিবাদ

মৰিয়নীৰ ডকলঙীয়া চাহ বাগিছাত শ্ৰমিকক প্ৰাপ্য সা সুবিধা প্ৰদানৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ প্ৰতিবাদ। আছাৰ কলীয়াপানী প্ৰাথমিক গোটৰ উদ্যোগত চাহ শ্ৰমিকৰ মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰা, শ্ৰমিকক প্ৰাপ্য সা সুবিধা প্ৰদান কৰাৰ দাবীত আজি ডকলঙীয়া চাহ বাগিছাৰ কলঘৰ ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। প্ৰতিবাদী কাৰ্যসূচীত

জেইলতেই থাকিব লাগিব ৰিয়া চক্ৰৱৰ্তী:৬ অক্টোবৰলৈ ন্যায়িক জিম্মা বৃদ্ধি

জেইলতেই থাকিব লাগিব ৰিয়া চক্ৰৱৰ্তী:৬ অক্টোবৰলৈ ন্যায়িক জিম্মা বৃদ্ধি

জেইলতেই থাকিব লাগিব ৰিয়া চক্ৰৱৰ্তী।সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সৈতে জড়িত ড্ৰাগছৰ গোচৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা ৬ অভিযুক্ত ৰিয়া, শ্ববিক, ছেমুৱেল মিৰাণ্ডা, দীপেশ সাবন্ত, জেদ বিলাত্ৰা আৰু ৱাছিত পৰিহাৰৰ আজি ন্যায়িক জিম্মা সমাপ্ত হৈছিল। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত আজি ৰিয়া আৰু শ্ববিকসহ ৬জন অভিযুক্তক আদালতত হাজিৰ কৰোৱা হয়।ৰিয়া চক্ৰৱৰ্তীয়ে