চকুৰ তলত ক’লা পৰিছে নেকি ?

1 min read

সুস্বাস্থ্য লাভ কৰিবলৈ খাওক ঘি । ৰন্ধনৰ স্বাদ বঢ়াবলৈও ঘিৰ ব্যৱহাৰ কৰা হয় । নিৰামিষ খোৱা সকলৰ বাবে ঘি নয়নৰ মণি । কিন্তু জানেনে, এই উপকৰণবিধ আপোনাৰ ৰূপচর্চাৰ ক্ষেত্রতো উপকাৰী ? চকুৰ তলত ক’লা পৰা, বলিৰেখা, ক’লা দাগ আঁতৰাবলৈও ঘিৰ ওপৰত ভৰসা কৰিব পাৰে । প্রাকৃতিক ময়েছৰাইজ হিচাপেও এই উপাদানটো ব্যবহাৰ কৰিব পাৰে ।

ছালৰ পৰিচর্যাৰ বাবে ঘি কেনেদৰে ব্যৱহাৰ কৰে ?

১) দুই চামুচ ঘি, দুই চামুচ বেচন, এচামুচ গাখীৰ মিহলি কৰি ঘন মিশ্রণ প্ৰস্তুত কৰি ল’ব । মিশ্রণটি সম্পূৰ্ণ মুখ আৰু ডিঙিত লগাই শুকাবলৈ দিয়ক । তাৰ পাছত ঠাণ্ডা পানীৰে ধুই পেলাওক । সপ্তাহত দুবাৰ এই ফেছ মাস্কটো ব্যৱহাৰ কৰিব পাৰে । এই ফেচপেকে ছালৰ মৃত কোষ দূৰ কৰে, ছালৰ তৈলাক্ত ভাব আৰু ব্রণ কমায় ।

২) এচামুচ ঘি আৰু এচামুচ মৌ ভালকৈ মিহলি কৰি মুখত লগাওক । ১৫-২০ মিনিট ৰখাৰ পাছত ঠাণ্ডা পানীৰে ধুই দিয়ক । দিনে এবাৰ এই পেকটো লগাব পাৰে । মৌৰ এন্টি-অক্সিডেন্ট আৰু এন্টি-মাইক্র’বায়ল বৈশিষ্ট্য‌ই ছালৰ বলিৰেখা কমোৱাত সহায় কৰে । মৌ আৰু ঘিৰ ফেচ মাস্কে ছালৰ আর্দ্রতা ধৰি ৰাখে ।

৩) চকুৰ তলৰ ক’লা চাপ নোহোৱা কৰিবৰ বাবে দুইৰ পৰা তিনি টোপ ঘি আঙুলিত লৈ চকুৰ তলত মালিচ কৰক । এনেদৰে গোটেই ৰাতি থৈ দিয়ক । পুৱা ঠাণ্ডা পানীৰে চকু ধুই দিয়ক । ঘি প্রয়োগ কৰিলে চকুৰ তলৰ অংশ নৰম আৰু আর্দ্র হয় । চকুৰ তলৰ ক’লা দাগো নোহোৱা হয় ।

You May Also Like

More From Author