ধৰ্মীয়ৰ কটুক্তিৰ পৰিপ্ৰেক্ষিতত কঠোৰ শাস্তি লাভ কৰিলে বাংলাদেশৰ এগৰাকী ছাত্ৰীয়ে। জগন্নাথ বিশ্ববিদ্যালয়ৰ ছাত্ৰীক তিথি সৰকাৰক ধৰ্মীয় কটুক্তিৰ অভিযোগত দোষী সাব্যস্ত কৰি ঢাকাৰ চাইবাৰ আদালতে পাঁচ বছৰৰ কাৰাদণ্ডৰ ৰায় দিলে। অলপতে তিথিৰ বিৰুদ্ধে ফে’চবুকত ধর্মীয় অৱমাননামূলক মন্তব্য কৰাৰ অভিযোগ উঠিছিল। অৱশ্যে তিথিয়ে সেই সময়ত তেওঁৰ ফে’চবুক হেক হোৱা বুলি দাবী কৰিছিল।
নগাঁৱত চিকিৎসকৰ হেমাহিৰ বাবেই পুনৰ ৰোগীৰ মৃত্যু। নগাঁৱৰ ডিউ কেয়াৰ হস্পিতালত সংঘটিত হৈছে এই ঘটনা । মৃত্যু হোৱা ৰোগীগৰকী ধিং ডুমডুমীয়াৰ ফজলুল হক । ৰোগীজনক পৰিয়ালৰ লোকে ডা: আৰিফুল. হকৰ পৰামৰ্শ মতে ১৪ মে’ত ভৰ্তি কৰিছিল ডিউ কেয়াৰ হস্পিতালত। ৰোগীজনক হস্পিতালখনৰ ICU ত ভৰ্তি কৰাই চিকিৎসা প্ৰদান কৰা চিকিৎসকগৰাকীয়ে IPL
মহানগৰীৰ দিছপুৰত উদ্ধাৰ হৈছে এটা মৃতদেহ। দিছপুৰৰ SBI শাখাৰ সন্মুখৰ নলাত উদ্ধাৰ হৈছে মৃতদেহটো। এই পৰ্যন্ত মৃতদেহটো চিনাক্ত হোৱা নাই। ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
সাৱধান, অতিমাত্ৰা গেষ্ট্ৰিকৰ সমস্যা হৈ পৰিব পাৰে চিন্তাৰ কাৰণ, কেঞ্চাৰো হ’ব পাৰে অতিমাত্ৰা গেছৰ সমস্যা আছে যদি সাৱধান হ’ব। কিয়নো অতিমাত্ৰা গেছে পাছলৈ আলছাৰৰ সমস্যা কৰে। যি আলছাৰ পাছলৈ গৈ কেঞ্চাৰতো পেলায় কেতিয়াবা। তাৰোপৰি এচিডে ক্ষয় কৰিব পেটৰ ছালৰো। কেৱল খোৱা খাদ্যৰ বাবেই নহয়, কেতিয়াবা মানসিক চাপৰ বাবেও গেছৰ সমস্যা
বহিৰাগতক ভাড়াত দিব কটন বিশ্ববিদ্যালয়! বিশ্ববিদ্যালয়ৰ ৰাজহ সংগ্ৰহত ব্যৱহাৰ হ’ব বিশ্ববিদ্যালয় চৌহদ। বিশ্ববিদ্যালয় চৌহদ ভাড়াত দিবলৈ ৬ জনীয়া কমিটি গঠন ৷ ৬ জনীয়া কমিটিয়ে নিৰ্ধাৰণ কৰিব কোনটো স্থান ভাড়াত দিব বিশ্ববিদ্যালয়ে ৷ কটন বিশ্ববিদ্যালয় চৌহদ ভাড়া প্ৰদানৰ সিদ্ধান্ত গ্ৰহণৰ পিছতে সৰব ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক, অৰাজনৈতিক দল সংগঠন ৷ বিশ্ববিদ্যালয়খনৰ এনে