গুৱাহাটী বিশ্ববিদ্যালয়ত “গণ-সংযোগকাৰী ৰূপে ভূপেন হাজৰিকা” ৰ্শীষক অনুষ্ঠান সম্পন্ন

1 min read

নিউজ ব্যুৰ’,নগাঁও,৮ছেপ্টেম্বৰ:–গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ ৯৭সংখ্যক জন্মজয়ন্তী উপলক্ষে “গণ-সংযোগকাৰী ৰূপে ভূপেন হাজৰিকা” ৰ্শীষক এখনি মত-বিনিময় অনুষ্ঠান শুক্ৰবাৰে আয়োজন কৰা হয়। অনুষ্ঠানৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে “দ্যা আছাম ট্ৰিবিউন” কাকতৰ কাৰ্যবাহী সম্পাদক প্ৰশান্ত জ্যোতি বৰুৱা । ভাষণ প্ৰসংগত প্ৰশান্ত জ্যোতি বৰুৱাই ভূপেন হাজৰিকাৰ জীৱনযোৰা সংগ্ৰাম আৰু অসমক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ যি প্ৰয়াস সেইক্ষেত্ৰত তেখেতৰ গীতসমূহ বাঙালী,হিন্দী ভাষালৈ অনুবাদ কৰি ভাৰতৰ প্ৰতিটো প্ৰান্তলৈ প্ৰচাৰৰ আঁ‌ৰৰ কথাসমূহৰ বিষয়ে উল্লেখ কৰে। বৰুৱাই লগতে অসমৰ ভাষা আন্দোলনৰ সময়ছোৱাত বিভিন্ন প্ৰান্তত ৰাইজৰ মাজলৈ গৈ তেখেতৰ গীতসমূহৰ মাজেৰে অসমৰ জনগণক জাগ্ৰত কৰি তোলাৰ কথাও উল্লেখ কৰে ।

ড° ভূপেন হাজৰিকাক এগৰাকী উল্লেখযোগ্য জন সংযোগকাৰী বুলি উল্লেখ কৰি বৰুৱাই কয় যে ভূপেন হাজৰিকাৰ গীত সমূহৰ দ্বাৰা তেওঁ জনসাধাৰণৰ বাবে এটি যুগসন্ধিৰ বাট মুকলি কৰি থৈ গৈছে । অনুষ্ঠানৰ আৰম্ভণিতে ড° ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে বিভাগৰ মূৰব্বী অধ্যাপক ড° চন্দন কুমাৰ গোস্বামী আৰু প্ৰশান্ত জ্যোতি বৰুৱাই । যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ তৰফৰ পৰা বিভাগৰ মূৰব্বী অধ্যাপক ড° চন্দন কুমাৰ গোস্বামীয়ে প্ৰশান্ত জ্যোতি বৰুৱাক সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানৰ অংশ হিচাপে বিভাগৰ অতিথি অধ্যাপিকা ড°মৌচুমী ভট্টাচাৰ্য্যৰ তত্ত্বাৱধানত আৰু বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগত বিশ্ববৰেণ্য শিল্পী ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিৰ ওপৰত এখনি “পুতলা নাচৰ অ’ডিও ভিজুৱেল” প্ৰৰ্দশন কৰা হয় । অনুষ্ঠানত ইন্টিগ্ৰেটেড্ পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীৰ লগতে স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰী তথা বিভাগৰ সহকাৰী অধ্যাপিকা ড° ভাৰতী ভৰালী,প’ষ্ট ডক্টৰেট গৱেষিকা অনুপা লহকৰ, সহকাৰী অধ্যাপকদ্বয় বিষ্ণু শইকীয়া আৰু নিশান্ত শৰ্মা উপস্থিত থাকে।শেষত অনুষ্ঠানটিত উপস্থিত সকলোৱে একত্ৰিত হৈ ড° ভূপেন হাজৰিকাৰ হৃদয়স্পৰ্শী “মানুহে মানুহৰ বাবে” গীতটি পৰিৱেশন কৰি অনুষ্ঠানৰ সামৰণি মৰা হয় ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author