Category: Assamese News

বাক্সাত শতাধিক মহিলাৰ বিপিএফ ত্যাগ কৰি ইউপিপিএলত যোগদান

বাক্সাত শতাধিক মহিলাৰ বিপিএফ ত্যাগ কৰি ইউপিপিএলত যোগদান

দেওবাৰে বাক্সা জিলাৰ ২৪ নং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ভালুকদঙা গাঁৱত ইউপিপিএল এখন বিশেষ সভা অনুষ্ঠিত হৈ যায় ৷ উক্তসভাত মুছলপুৰ পৰিষদীয় সমষ্টিৰ বহু আত্মসহায়ক গোটে অংশ গ্ৰহণ কৰে ৷ এই সভাত উপস্থিত থাকি বিটিআৰৰ পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই আত্মসহায়ক গোট সমূহক গাহৰিৰ, ছাগলী, হাঁহ, পাৰৰ ফাৰ্ম খুলি কেনেধৰণে

শিমলুটাপুত ইউপিপিএলত যোগ দিলে শতাধিকে

শিমলুটাপুত ইউপিপিএলত যোগ দিলে শতাধিকে

শিমলুটাপুত ইউপিপিএলত যোগ দিলে শতাধিক, ৰাইজৰ বিশ্বাস আৰু সহযোগিতাই সপোনৰ বিটিআৰক বাস্তৱ ৰূপ দিয়াত সহায় কৰিবঃ উইলছন হাছদা উপ–নিৰ্বাচনক কেন্দ্ৰ কৰি গোসাঁইগাঁৱত বিভিন্ন ৰাজনৈতিক দলে নিজ দলৰ কাৰ্যপন্থা অনুযায়ী কৰ্মত অগ্ৰসৰ হোৱা পৰিলক্ষিত হৈছে। কালি বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য উইলছন হাছাদাই সমষ্টিটোৰ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰে। ইয়াৰ ভিতৰত দলটোৰ

ফাতেমাবাদ চাহ বাগিচাত উত্তপ্ত পৰিস্থিতিঃ শ্ৰমিকৰ ধন আত্মসাৎৰ অভিযোগত চাহ মজদুৰ সমিতিৰ সভাপতিক আক্ৰমণ

ফাতেমাবাদ চাহ বাগিচাত উত্তপ্ত পৰিস্থিতিঃ শ্ৰমিকৰ ধন আত্মসাৎৰ অভিযোগত চাহ মজদুৰ সমিতিৰ সভাপতিক আক্ৰমণ

বাক্সাৰ শালবাৰী তথা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ফাতেমাবাদ চাহ বাগিচাত আজি এক উত্তপ্ত পৰিস্থিতিৰ সূচনা হয় । ধন আত্মসাৎ কৰাক কেন্দ্ৰ কৰি বাগিচাখনৰ চাহ শ্ৰমিকৰ আক্ৰমণত আহত হয় চাহ মজদুৰ ইউনিয়নৰ সভাপতি হিৰালাল খেৰকাটীয়া । প্ৰাপ্ত খবৰ অনুসৰি ,বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত ফাতেমাবাদ চাহ বাগিচাৰ পূজাৰ পূৰ্বে লাভ কৰা বাগিচাখনৰ

বঙাইগাঁৱত 4 বছৰীয়া শিশুক ধৰ্ষণৰ অপচেষ্টা লম্পটৰ

বঙাইগাঁৱত 4 বছৰীয়া শিশুক ধৰ্ষণৰ অপচেষ্টা লম্পটৰ

বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাতিলাদহাত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা । ৮ বছৰীয়া শিশুক চল চাতুৰিয়ে ফুচুলাই যৌন নিৰ্যাতনৰ অপচেষ্টা চলায় ৰাইজৰ ৰোষত পৰিছে লম্পট সন্তেশ্বৰ ৰায় । উল্লেখযোগ্য যে, পাতিলাদহা বজাৰত অৱস্থিত ভাৰতীয় মৰাপাট নিগমত কৰ্মৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী লম্পট সন্তেশ্বৰ ৰায়ে দীৰ্ঘদিন ধৰি ওচৰৰ এটা পৰিয়ালৰ

মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিশ্বনাথত আছুৰ প্ৰতিবাদ

মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিশ্বনাথত আছুৰ প্ৰতিবাদ

অসমত ঠায়ে ঠায়ে প্ৰতিলিটাৰ পে’ট্ৰলৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰিলে ৷ পে’ট্ৰল, ডিজেল, ৰন্ধন গেছৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত শুকুৰবাৰে বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ ছাত্ৰ সংগঠনটোৱে বিশ্বনাথ নগৰৰ মাজমজিয়াত এক প্ৰতিবাদী সমদল উলিয়াই কেন্দ্ৰীয় পে’ট্ৰলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী আৰু যোগান