“আমাৰো বহুত সপোন আছে” শীৰ্ষক বাণীৰে আজি অকণিৰ মেলৰ উদ্যোগত আয়োজন কৰা শিশু সমাৰোহত পাঁচ শতাধিক শিশুৰ লগতে অভিভাৱকৰে উদুলি-মুদুলি হৈ পৰিল নগাঁৱৰ মিলনপুৰ । নগাঁও চহৰৰ সমীপৰ মিলনপুৰৰ খাগৰিজান নৈশ উচ্চ মাধ্যমিক বিদ্যালয়ত”অকণিৰ মেল”ৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানতে “অকণিৰ বাৰ্তা”ৰ তৃতীয় সংখ্যাটো উন্মোচন কৰে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ
Category: Assamese News
নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী অঞ্চলৰূপে পৰিচিত ধিং আৰক্ষী থানাৰ সীমান্তৱৰ্তী কটহগুৰি, বড়িবজাৰ আৰু টুকটুকী আৰক্ষী চকীৰ অন্তৰ্গত শিলপুখুৰীৰ ভিতৰুৱা অঞ্চলত আজি দীৰ্ঘদিন ধৰি ড্ৰাগছ ব্যৱসায় চলাই থকা এক বৃহৎ চক্ৰ আৰক্ষীৰ জালত পৰে । প্ৰাপ্ত বাতৰি মতে মৰিগাঁও আৰু মিকিৰভেটা আৰক্ষীৰ এটি দলে আজি এক গোপন সূত্ৰৰ পম খেদি
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁৱৰ জাগীয়ালত পুৰুষোত্তম আঞ্চলিকৰ মাধৱদেৱৰ ৫৩৪ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন
“অসামন্য প্ৰতিভাৰ আকৰ সৰ্ব গুণাকৰ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান সহযোগী মাধৱদেৱ আছিল অনেক গুণৰ সমন্বয়ৰে গুণবান আৰু অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী । দুয়োজনা মহাপুৰুষ এজন আনজনৰ পৰিপূৰক । শংকৰ-মাধৱ অভিন্ন পৰম বান্ধৱ ।” শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলাৰ পুৰুষোত্তম আঞ্চলিক শাখাৰ উদ্যোগত,নিজ জাগীয়াল প্ৰাথমিক শাখাৰ আতিথ্যত আৰু নিকটৱৰ্তী প্ৰাথমিক শাখাৰ সহযোগত কালিৰে
সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভুক্ত নগাঁও জিলা কবি সন্মিলনে শাখা সমূহৰ সহযোগত ৰবিবাৰে কপিলী,নিশাৰী আৰু বৰপানী নদীৰ বানে বিধ্বস্ত কৰা কামপুৰৰ বান শিবিৰত বান সাহাৰ্য প্ৰদান কৰে। ৰাজপথ-মথাউৰিত শিবিৰ পাতি দূৰ্বিসহ জীৱন কটোৱা বন্যাৰ্তক,কাপোৰ,খাদ্য,সামগ্ৰী,নেপকিন,চাবোন,ফেনাইলৰ বটলকে ধৰি বিভিন্ন ধৰণৰ সাহাৰ্য প্ৰদান কৰে। বাৰেগোগা,নাৰিকলি আৰু কুঁৱৰীআটিৰ বান শিবিৰসমূহত সাহাৰ্য প্ৰদান কৰা হয়।
বিশ্বৰ প্ৰাচীনতম আৰু ঐতিহ্যবাহী কাঁন চলচ্ছিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটক লৈ শেহতীয়াকৈ ৰাজ্যত চৰ্চা অব্যাহত আছে। কাঁনৰ সৰ্বাধিক গ্লেমাৰপূৰ্ণ ৰেড কাৰ্পেটৰ মূল ইভেন্টত আনুষ্ঠানিকভৱে পদসঞ্চালৰ কৰাটো ইমান সহজ নহয়। এই সন্দৰ্ভত ইতিমধ্যে বহু ছবি সমালোচক, সাংবাদিকে নিজৰ নিজৰ মত ব্যক্ত কৰিছে। এই ৰেড কাৰ্পেট চৰ্চাৰ মাজতে অসমৰ আগশাৰীৰ বাতৰি কাকত ‘আমাৰ