Category: Assamese News

কৰ্ণাটক চৰকাৰে আই টি কোম্পানীসমূহক ২ বছৰ ঘৰত থাকি কাম কৰাৰ বাবেজনালে আহ্বান

কৰ্ণাটক চৰকাৰে আই টি কোম্পানীসমূহক ২ বছৰ ঘৰত থাকি কাম কৰাৰ বাবেজনালে আহ্বান

কৰ্ণাটক চৰকাৰে মঙলবাৰে আইটি কোম্পানীসমূহক বেংগালুৰু মেট্ৰ’ নিৰ্মাণ কাৰ্যৰ বাবে আউটাৰ ৰিং ৰোডৰ যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি ডিচেম্বৰ-২০২২ লৈকে ঘৰৰ পৰায়ে কাম কৰিবলৈ আহ্বান জনায়। নেচনেল এছ’চিয়েশ্যন অৱ ছফ্টৱেৰ এণ্ড চাৰ্ভিচ কোম্পানীজ (নাছকম)লৈ লিখা এখন পত্ৰত ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি বিভাগে কয়, “বিএমআৰচিএল-এ কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ পৰা কে আৰ পুৰমলৈ

নন্দিতা শইকীয়াক ন্যায় প্ৰদানৰ দাবীৰে ধেমাজিত প্ৰতিবাদ

নন্দিতা শইকীয়াক ন্যায় প্ৰদানৰ দাবীৰে ধেমাজিত প্ৰতিবাদ

ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ধেমাজি কাণ্ডৰ ভুক্তভোগী নন্দিতা শইকীয়া ৷ চহৰখনৰ মাজ-মজিয়াত ধেমাজি মৰিঢল মহাবিদ্যালয়ৰ এজন কৰ্মচাৰীৰ বৰ্বৰ আক্ৰমণত মগজুত গুৰুতৰভাৱে আঘাত পাইছিল একেখন মহাবিদ্যালয়ৰে ছাত্ৰী নন্দিতা শইকীয়া আৰু কাস্মিনা দত্তই ৷ ছাত্ৰী দুগৰাকীক ন্যায় প্ৰদানৰ দাবীত ইতিমধ্যে উত্তাল হৈ আছে সমগ্ৰ ধেমাজি জিলা ৷

ধৰ্ষণৰ অডিঅ‘ ছ’চিয়েল মিডিয়াত ভাইৰেল কৰি আটক ধৰ্ষণকাৰী

ধৰ্ষণৰ অডিঅ‘ ছ’চিয়েল মিডিয়াত ভাইৰেল কৰি আটক ধৰ্ষণকাৰী

হোজাই জিলাৰ লংকাৰ লস্কৰ পথাৰত এগৰাকী নাবালিকাৰ ধৰ্ষণৰ লগত জড়িত থকাৰ অভিযাগত হোজাই জিলা আৰক্ষীয়ে মঙলবাৰে এজন যুৱকক আটক কৰে ৷ ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালে প্ৰায় এসপ্তাহ ধৰি ধৰ্ষণৰ এই ঘটনাক গাপ দি ৰখাৰ পাছত হোজাই জিলা আৰক্ষী আৰু চাইল্ড লাইনৰ তৎপৰতাত পোহৰলৈ আহে সমগ্ৰ ঘটনা । হোজাই জিলা আৰক্ষীয়ে এটা

৩ বেটেলিয়নত বিটিআৰৰ তিনি হাজাৰ নিবনুৱাক দিব নিযুক্তি

৩ বেটেলিয়নত বিটিআৰৰ তিনি হাজাৰ নিবনুৱাক দিব নিযুক্তি

‘আমি অকল চাকৰিমুখী হ’লেই নহ’ব৷ আমি কর্ম কৰিব লাগিব৷ আমি কর্ম–সংস্কৃতি জীয়াই ৰাখিব লাগিব৷ মা–দেউতাক শ্রদ্ধা কৰিব লাগিব৷’– এই ভাষ্য বিটিচিৰ মুখ্য কার্যবাহী প্রমোদ বড়োৰ৷ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত  এটা প্রাক নিয়োগ প্রশিক্ষণ কেন্দ্র মুকলি কৰি তেওঁ এই মন্তব্য আগবঢ়ায়৷ তেওঁ পুনৰ কয়– যুৱক–যুৱতীসকলে জীৱনৰ প্রতিটো মুহূর্ত সৎ কামত ব্যৱহাৰ

সমাজ কল্যাণ বিভাগত ১২ পদ খালী

সমাজ কল্যাণ বিভাগত ১২ পদ খালী

অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগ Social Welfare Department, Assam)ত খালী হৈছে ১২টা পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় কর্তৃপক্ষই জনসংযোগ বিভাগৰ জৰিয়তে এক নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আে District Coordinator ২টা পদ ইয়াৰে এটা Nagaon জিলাত আৰু আনটো Tinsukia